পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
পুৰণি অসম বুৰঞ্জী
 

কিছুমান মানুহেৰে ইটা খুলিৰ পৰা ওলাই নাৱেৰে পাৰ হুই মঞ্চুৰ খাৰ ঠাই গল। পাচে সি পালত গৈ সেই দিনাএ ডেৰ পৰ বেলা হলত আপনাৰ গাৰামি নাৱেৰে পলাই গল; সেই লগতে আলিএ কহুৰ চতমল সহিতে গৈল।

 তৰবাটেও ৰাজা ইন্দ্ৰমণি, দলনসিংহ কবিৰ খাঁ এই সকল প্ৰমুক্ষে আনো আসোৱাৰে পিৰা হাটাৰি বেপাৰি ভাগি গল৷ পাছে চেটিয়া বড় ফুকন গুয়াহাটিতে বহিল। বড় বড়ুয়া প্ৰমুক্ষে ফুকন ৰাজ খোৱাএ নাৱে তবে মানাহ নদিলৈকে খেদি গৈছিল; মঞ্চুৰ খাত্ৰ ৰঙ্গা মাটিলৈ গলত তাক ধৰিব নোৱাৰিলে। তাত বাজে চিপাই পিয়দা হাটাৰি বজাৰি ঘোড়া মহ উট বলধি গৰু লোহাক পিতলৰ সৰু হিলৈ ঢাল তৰোৱাল জামদাৰ থগুয়া নাও আনো ২ আহিলা পাতি ধন মান বিস্তৰ পালে।

দ্বাদশ অধ্যায়।

মিৰিৰ যুদ্ধৰ সমাচাৰ৷- গদাধৰ সিংহ মহাৰজাৰ দিনত ১৬০৫ শক শ্ৰাবনমৰ পাঁচ দিন যাওতে বুধবাৰে সদিয়াল মিৰিয়ে যাকে যৈতে পালে ততে কাটিলে। ঘৰত জুই দি লৰা তিৰোতা পুড়ি মাৰিলে; সন্দিকৈ গোহাঞি বাৰ ফালি পেলালে। বিলাতৰ মানুহকো কাটি মাৰি লুৰি পৰি নিলে। পাচে সেই কথাকে সদিয়াল মানুহে ৰজাত জনালেহি। ৰাজা সেই কথা সুনিগো হাঞিবোৰেৰে সমালোচন কৰি মিৰিক মাৰিবলৈ বাঘ চোৱা নেওগ গোহাঞিৰ নাতি, নাও বৈচা ফুকন লোক জন হাজৰিকিয়া লগত দি পাঞ্চিলে, ফুকনেও শাওনৰ ১১ দিন যাওঁতে মহাৰাজক সেৱা কৰি যাত্ৰা কৰিলে; মিশিও তিন মুন্ননি সিমা কৰি লোক জনক লুড়া পুড়া কৰিলেহি। পাছে ফুকন