পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-বুৰঞ্জী একক বড় কুঞৰি ভাতধৰাৰ জিম্নেকক পতিয়া কুঞৰি পাতিলে। ভাত পাছে বঙালো চলাক বিলাই দিলে গাছ গ্ৰামলৈ। গোবিন্দ নাম কটকিক ঘোড়া পত্ৰ সন্দেশ দিলে। বঙালে পত্ৰতে এইখন লিখছে। বাজা বড় ফুকন তোমাৰ দোৎস মনকো মাৰি খাজা আৰ যি দোৎসমন তাক আমাৰ ঠাই দি পাব। এই বুলি পত্ৰ দি বিদাই দিলে তাত পাচে বড় ফুকনক সকলে আলচি কটলে; পাচে লান মাখ, বড় ফুকন হল; পানি দিহিঙ্গিয়া বড় বড় হল। সবে আলচি ভাত ধৰাক ধৰিবলৈ খেদি গন্ধ কলিয়া বৰলৈ; পাছে ভাত ধৰা বঙাললৈ ভাগি পাল। বাজাকো মেটেকাৰ পৰা আনি তিসাৰকো যত পাট কৰি বহিল। এমনে এক বৎসৰ হল। পাচে সমন্তে সমালোচন কৰি বোলে অসামৰ্থ বজায়ে কি কৈ ৰক্ষা কৰিব। সমৰ্থ হলেহে ৰাখিব পাৰিব, এই বুলি তুংখুঙ্গিয়া কোঞৰক কলিয়া বৰলৈ নি লানথৰু বড় ফুকন প্ৰমুক্ষ ফুকন বোৰে সেৱাকৈ ৰাজা পাতি গৰগ্ৰামলৈ পঠালে। এমনে এক কংসৰ হল। পাছে মহাৰাজায়ে আলছি গুৱাহাটি মাৰিবলৈ বড় ফুকনক পাঞ্চিলে। নাম মখৰু বড় ফুকনেয়ে সমদলে প্ৰাৰম্ভ কৰি মঞ্জু থাক খেদি গুৱাহাটি মাৰিলে গৈ। আলি আকবৰ মিৰ্জা চিৰা এড়াই গল; পানিৰ সৰদাৰ জয়ন্ত সিংহ পড়িল; মংসল দেৱান এড়াল। গছ নাও ২ খন পড়িল। ঘোড়া, নাও, আহিলা পাতি মুক্তা পোৱাল, লাহৰি, পামৰি বসা, হিলৈ, বাৰু, হাতি, প, সোন, তাম, পিতল, সিহ, ৰাং, গন্ধ, তাও আৰু বাজত বস্তু পালে। পুৰ্বাপৰে ও এতেক বস্তু পোৱা নাই। এমনে কত দিন আছে। পাচে সমস্তে গুৱাহটিয়া ফুকনে মনে মনে সমালোচন কৰি ৰাৰে লামাখৰু বড় ফুকনক গুৱাহাটিতে ভাঙ্গি ৰাজলৈ দি পালে। বাজায়ে ঘৰদুৱাৰ লুৰি আনি গুৰলৈ বিদায় দিলে। পাছে গড় গঞা সন্দিকৈ নেওগ ফুকন বড় ফুকন হল। এমন 1