পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-খুৰী ৰং কৈ আছে, যেনে সমঅতে আমাৰ বড় হিলৈৰ গুলি এটা শৈ, তামি খৰাৰ ভিতৰত ৰামসিংঘৰ ভতিজাকৰ গাত পড়ি মৰিল। ৰামসিংহে বচিত থাক দুবাৰ মাতিলে। চিৎ। বোলে মঞি বং কৰিছে। অধম জাব নোৱাৰে। ৰামসিংথে বোল সি চাপি গৈ তামি ধৰা তৰিছে। পূৰ্বেও আসাম দেশত ফুৰিচে। আসামেৰে মিল হল। এখনি কাকত মিৰি সন্দিকৈৰ পোনে দিলে; এই কথা ৰামসিংঘে সুনি খং কৈ ৰচিত খাক বোলে আমাৰ লগত থাকিব নালাগে। এই বুলি তাৰ তাশি ঘৰা কটালে। চিৎ খাঁ-এ ৰামসিংহক মাতি অনেক ৰূপে কৈ নোৱাৰি অসন্তোষ কৈ ভটিয়াই গল। তাৎ পাচে পানি বাটে নাৱদোগা, মচুৰ ধাঁ, লতিপ খ, চৰিপ শ, ফিৰিঙি, কপিদান বাজা; দক্ষিমে আলি বকৰ খ, মিৰ চৈয়দ খাঁ, ৰাজা ইন্দ্ৰমান, ৰাজা জয়নাৰায়ন, সেখী ঘোপাৰ মূল খাঁ সদৰি; উত্তৰে গঢ় সমুখে সসৈন্যে ৰামসিংহ থাকিল। সিন্দুৰী ঘোপাৰ সমুখে হাজিবেগ, কায়ম খাঁ, বেহাৰৰ কৰিকিসোৰ বড়ুয়া, সৰ্বেস্বৰ বড়ুয়া, মম্মথ বড়ুয়া, ঘনচাম বসি, ঢালি কাড়ি পোন্ধৰ হাজাৰ, এই চাৰি বাটে যুগ্ধ হল। আমাৰ বড়ফুকন প্ৰমুক্ষে সমস্তে ফুকন বোবে বৈসাখৰ পৰা শ্ৰাবণ পৰ্যন্ত যুদ্ধ কৰিল। গঢ় লব নোৱাৰি জৱন স্তম্ভিত হল, তাত পাছে পাণ্ডুৰ পোনে, বাঙ্গলি বুৰুজৰ বাঙ্গলা বুৰুজ। তলেদি তি নিলে। তাতে খাৰ ভৰাই জুই দিলে। গঢ় খহি পড়িল। এই কথা আগে ডেকেৰিয়ে কলত ফুকনে বুন্দ মাটি, ঘোড় সলখা এই বোৰ কৰি জতন হৈ আচিল গড় খহিলতে তাল বান্ধিলে। পাচে পাণ্ডুএ নোৱাৰি সৰাইত গাত খানি খাৱৈ পুতি, চাৰিটা বঙাল গঢ় উঠিল হি। আহামৰ ভঙ্গিবিয়া বোকে কাঠ বগৰাই পঠালে। হাড় মুৰ ভাগি মৰিল। উঠিব নোৱাৰিলে। আৰু বৰ-