পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাজখোৱা। ওলাই আহি দুৱাৰত ধৰিলে। বঙালেৰে কলৰে বোলাবুলি লাগিল। বঙালে বোলে ওলাই সেটাই দে, কলথুয়ে পাইক এটা দিলে। বঙালে বোলে গৰিবেৰে কি লড়াই কৰিম। কণঞ্চ বাজখোৱা ওলাই গল; ধৰাধৰি কৰিলে; কলখুৰ আঙুলি কল দুৱলি। কাটিলে। কলএ তাৰ সদৰক কাটিলে। তাৰ পৰা ইটাখুলিলৈ চাপি আহিল; তাৰপৰা চোড় পঠালে; গড় জুৰি থৈছে, তাৰ গজালি আহিছে; গঢ়য়ৈতো বন আছে; পাজি টাটৰিয়ে আছে। গঢ় খায়ৈতো পানি আচে। ৰাতি চাই চোড়ে এইপে কলত, জপ গোহাঞি চালেগৈ, দেখে পানি নাই, পাজি টাটৰিয়ো নাই; তেহে ইটাখুলি বেঢ়ি ধৰিলেগৈ। বঙালে নোৱাৰি ভাগি গল; দোটা স্ত্ৰী চিপাই ঘোড়াৰে পাৰ হুই অশ্বক্ৰান্তৰ ঘাটত উঠিল সাধুৰি। তাত পাছে উত্তৰ কোলে বড়নদীৰ পুব পাৰে কোঠ দিলে। ৰাতি পুয়তি নিশা ফুলবৰুয়া বড় নদীৰ পছিম পাৰে কোঠ দিলে; বন্দৰ ফুকনৰ বঙ্গস হালধিয়া ঠেঙ্গা ৰাজখোৱা, সেই লগত কলষ্ণু দুলিয়া ৰাজখোৱা, আৰু দৰঙ্গি ফুলবয়াৰ লগত, সৰু অভয়পুৰিয়া, পানি অভয়পুৰিয়া, নামডঙ্গিয়া কোঠৰ ভিতৰত ভালকে ঠিয় হব নাপালে। নিহিঙিয়া ৰাজখোয়া বড় নদীৰ সিপাৰত থাকিল। এনেতে দুখন কোঠৰ আগত বঙালে দেখা দিলে। বোলে এই কোঠত মধ আছে। এই বুলি বড় অভয়পুৰিয়াৰ কোঠত ধৰিলে। পানা অভয়পুৰিয়াৰ কোঠৰ মানুহে বোণে সি কোঠৰ আহিলা পাতি মাৰি যে ধুকুয়ালে। আমাৰ কোঠৰ পৰা কাড়গুলি মায্যে। ফুল বড়ুয়া ৰাজখোৱা হাক দিলে। সি কোঠত ৰন লাগিছে। ই কোঠৰ পৰা জে কাণ্ডগুলি মাৰিব খোজ, মোৰ কোঠত ধৰিলে কি মাৰিম। সেই লগতে পানি অভয়পুৰিয়া মাৰিল হতে। বড় অভপুৰিয়াৰ কোঠত ধৰিব নোৱাৰিলে হতে। বঙালে