পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>8. ভাৰত আহিলা পাতি অনেক আৱহ। গত ৰাশে বোলে খান নায়ে, এপেৰাও নাই। গুলি নামে গৰি পেও নাই। কাড়ৰ এক কাঠো নাই। জাত মহাৰা মেলত সুধিলে, অনেকৰৰ মম কোচে। সও সুনিবলৈ আচে, এতেকেহে আচে বুলি কলো। ৰাজা ওলাই টাৰ কেৰু দিলে, পাখিৰ মাছ দিলে। ৰাতি দিনে আহিলা পাতি গঢ়িব দিলে। নাসলিয়া বড়ুয়া ছোজাক বাটা বাহন দি উচ্চাহ বঢ়াই নাও সালে। সেই সময়ত কড়ঘৰ, খাৰঘৰ গৰ্চৰ ভিতৰ কৰিলে। বৰদুৱাৰৰ মুখতে কমাৰ সাল কৰিলে, বোলে মই আহি দেখিব লাগে। আৰু ৰাজা ওলাই কাড়িক কাড় মৰাই, হিলৈদাৰিক হিলৈ বাই, “বাৰুতিক বাৰু চড়াই, কপ, কাপোৰ, তিবতা, গাখি, মাছ, গোন, চাউল, এই সকল দি উচ্চাহ বঢ়াই। সিকালে ৰঞ্জা কাড় খলাত আপুনি ফুৰি জিটে কাড় মাৰিব নোৱাৰে, চপাই আনিব দিয়ে আপুনি ধনুষ মুঠি ধৰি মৰাই। এইৰূপে ৰাজ্যৰ উচ্চাহ বক্তি বঢ়াই বঙালক ধৰিবলৈ নন কৰিলে। কলিয়াবৰৰ পৰা ফুকন ৰাজখোয়া জনালে, বঙালৰ আইচটিত ৰব নোৱাৰে। এই কথা শুনি বড়ফুকনক কলিয়াবলৈ কুকুৰ ঠেং চাই পঠালে। আৰু বড়গোহাঞি বুঢ়াগোহাঞি, বড়পাত্ৰ গোহাঞি, বড়গোহাঞি ফুকন, চাৰিঙিয়া ফুকন, নিমাতি ফুকন, দিহিঙ্গিয়া ফুকন এইবোৰ প্ৰমুখে সমস্ত লোক পঠাই বঙালক ধৰিব দিলে। সিবোৰ আহি প্ৰথমে উত্তৰকোলে বঙাল চিল, তাক কাটি দিহিঙিয়া ফুকনে বাহবাড়িৰ কোঠ মাৰি, লালবেগ, বোছন বেশ এই দুই হাজাৰিক পালে। আৰু ঘোড়া মুছলমানৰ পৰাজয়। পালে দোটা, ঢাল তৰোৱা পালে কিছু। পাছে সকলে গৈ কাজলিত যি বঙাল নিশেষ কাটিলে। যি পথ সৰ্দাৰ আচিল, সিয়ো পড়িল; ভাদ্ৰ মাস, দিন ১১, শক ১৫৮৯। পাছে গুৱাহাটিলৈ খেদি আহিল; বঙ্গাল ইটাখুলিৰ পৰা