পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খানখানায়ে মহাৰাজলৈ দিলে, সোনা মামা কৰা তৰোজাল, জমাদাৰ, হিলৈ সহিতে পোন্ধৰ হাজাৰ টকাৰ বাৰ দিলে। মাঘত, দুলাল খাঁ, খচিত খ, মেনা খা, ফাদ খা, আগৰ খাঁ, মনোহৰ খা, ইচলি হুচন, আজগৰ খাঁ, ৰাজা ইন্দ্ৰনাৰা, ৰাজা ইন্দ্ৰমলি, ৰাজা ইন্দ্ৰঘোষ, কালাজা, বাজা জগদেৱ, ৰাজা গন্ধৰ ৰাই, মানসিংহ, জয়ন্ত সিংহ, দলসিংহ, প্ৰতাপসিংহ, জয়সিংহ, এই সকলে সহিতে মজুম খাঁ। ভতিয়াই গল। সক ১৫৪৮ (?)। নৱম অধ্যায়। মজুম খাঁৰ লগত যোয়া আমাৰ বাদুলি ফুকন, মৌপিয়া, হৰি- ডেকাৰ পুতেক, উদ্ধব দুৱৰিয়া, ৰঘুকাথাৰ পুতেক মনোহৰ কাকতি, ডাংধৰ এইবোৰ আপুনি গল। দয়ঙ্গিয়া বড় গোহাঞি বাজখোৱা, লুথুৰি চেটিয়া, লালুক গোহাঞি, দীঘল। হাজৰিকিয়া লহবৰ ৰাইৰ পুতেক, ভেলাইৰ পুতেক এই সকল সহিতে অনেক লোক ধাৰ নিলে; সেইবেলা মহাৰাজা চলাৰ মাধব চৰনক পঠাই বোলে নিবন্ধ কৰি তুল দিয়া গল তথাপি আমাৰ লোক ধৰি নিয়ে। তুল দিবৰ কাৰণ কি আৰু বোলে তুলে দিলো নিবন্ধো কৰা গল তথাপি যুদ্ধ মুগুচে। নবাবে বোলে কি কাৰণ। কট কিয়ে বোলে দাতিয়াল ৰাজা অনেক আচে। স্বৰ্গ মহাৰজাৰ হে বশ। আনৰ বস নহয়। এতেকে যুদ্ধ মুছে। পাচে ধৰিনিয়া বৰুৱাবোক গুৱাহাটিৰ পৰা মাধব চনৰ হাতত দিলে। গুৱাহাটিত ৰচিত খাক থৈ, তাৰ হাতত তিনি জনা গোহাঞিৰ বেটাকে, নেওগৰ বেটাকে দি ভতিয়াই গল। বাটত আহোতে