ভূমিকা।
“বুৰঞ্জী” এইটো এটা আহোম ভাষাৰ শব্দ। আহোম ভাষাত ‘বু’ মানে মূৰ্খ, ‘ৰণ্’ মানে শিক্ষা আৰু ‘জী’ মানে বুৰঞ্জী সাহিত্য।ভড়াঁল; ‘বুৰঞ্জী’ মানে ‘মূৰ্খৰ শিক্ষাৰ ভড়াঁল’। ত্ৰয়োদশ শতাব্দীত আহোমবিলাক এই দেশলৈ আহোঁতেই বুৰঞ্জী লিখা দস্তুৰো অসম দেশলৈ আহে। আহোমবিলাক বিশাল তিব্বতীয় বৰ্ম্মান জাতিৰে এটা ঠেঙ্গুলী। চীন আৰু জাপানী জাতিও তাৰে পৰাই ওলাইছে। আহোমৰ দৰে, চীন আৰু জাপানী জাতিৰ ভিতৰতো বুৰঞ্জী লিখি ৰখা দস্তুৰ অতি পুৰণি। এই দেশলৈ আহোম- বিলাক অহা দিনৰে পৰা ৰজাঘৰীয়া কথাবিলাক লিখি ৰখা দস্তুৰ প্ৰচলিত হয়। আহোম ৰজাবিলাকৰ আদি পুৰুষৰ উৎপত্তিকাল প্ৰায় ৫৬৮ খৃঃ অঃ। সেইকালৰে পৰা তেওঁবিলাকৰ ভিতৰত বুৰঞ্জীৰ প্ৰচলন আছে। আহোম ৰজা সকল পোন প্ৰথমতে এই দেশলৈ আহোঁতে বুৰঞ্জীবিলাক আহোম ভাষাতে লিখা হৈছিল কিন্তু পাচত যেতিয়া তেওঁবিলাকে অসমীয়া ভাষাকে মাতৃভাষা বুলি গ্ৰহণ কৰিলে, তেতিয়াৰে পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখা হবলৈ ধৰিলে; কিন্তু দেওধাই বাইলুঙ্গ বিলাকৰ ভিতৰত আহোম ভাষাত বুৰঞ্জী লিখা ৰীতিয়েই চলি থাকিল। সেই দেখি শেষ আহোম ৰজা সকলৰ দিনৰ কোনো কোনো বুৰঞ্জীও আহোম ভাষাত দেখিবলৈ পোৱা যায়। সি যিকি নহওক অসমীয়া ভাষাৰ বুৰঞ্জী সাহিত্য যে আহোম ৰজা সকলৰ দান সেই বিষয়ে কোনো সন্দেহ নাই। তেজপুৰত বহা অসম সাহিত্য সম্মিলনৰ সভাপতিৰূপে এই বিষয়ে এই লিখকে যি কৈছিল তাক ইয়াত উল্লেখ কৰিব পৰা যায়। তেওঁ কৈছিল, “আমাৰ বুৰঞ্জী সাহিত্যও এটা তুলনা নাইকিয়া সম্পত্তি। ভাৰতবৰ্ষৰ কোনো দেশীয় ভাষাই আমাৰ দেশৰ বুৰঞ্জীৰ নিচিনা