বড়ু আক জুদ্ধলৈ পঠালে। পিকচাই বড়ফুকনক জে আগে বন্দিকৈ
থৈছিল, আই কুৱৰিয়ে মাতিলত দায় এড়ি তেওঁকে পাচিলে।
উত্তৰে ফুকন সেনাপতি। দক্ষিনে মমাই তামুলি বড়ুআ সেনাপতি।
সেই বেলা পৰ্ব্বতিয়া বড় গোহাঞি, দিলিহিয়া বুড়াগোহাঞি, লাকু
বড়পাত্ৰ সলাব পৰা গল; কলিয়াবড়ত গঢ় বান্ধি ৰহিল গৈ। বঙালেয়ো
সোলখন পাতেৰে গোভিটাক আহিল। ভবৰিত পানি চাই উলতি
কাজলিলৈ গল। পাছে তিনিজনা গোহাঞি
মোমাই তামুলি
বৰুৱা।
৺ৰজালৈ এই কথা জনাই পঠালে, বোলে মহাৰাজা আমাক আজ্ঞা দিয়োক; কাজলিতে বঙালক ধৰোগৈ। এই কথা শুনি ৺ৱে হাক দি পঠালে বোলে আন বৰুআবোৰক পঠাই দিয়োক; দিবুৰৰ মুখত গঢ় দি থাকোক গৈ; গোহাঞিবৰাৰ নজাব। গোহাঞবোৰে ৰাজাৰ কথা নলৈ সন্যে সহিত খেদি গল, মহাৰাজা সুনি গোহাঞি বোৰক ভাল নুবুলিলে।
বড়ুয়াবোৰে গৈ আঠ দিন বঙালেৰে জুজিলে, দিনে সপঞ্চাচ পড়িল। ইয়াৰকুলি পড়িল; পাছে গোহাঞিবোৰে বোলে একে দিনে বঙালক মাৰো বুলি চপ কৰে গল। কাজলীৰ যুধ। বড়বৰুআৰ নাও আগে গল। বঙাল ঘুপিতে থাকিল, তাক নাজানি খেদি গল। তৰেয়ো হতাহতি জুজ লাগিল; পাছে বঙালো ঘুপিৰ পৰা ওলাই পাছৰ পৰা বড়বৰুৱাক ভেটিলেগৈ। বৰুৱা এড়াব নোৱাৰে হেন দেখি নাওৰ পৰা উঠি দেওদি পল বোকাত পড়িল; বঙালে পাচে পাচে খেদি গল; মমায় তামুলি বড়ুৱাত বঙালে সুধিলে বোলে বড়ুয়া ফুকনবোৰ কেনি গল।
বৰুৱা বোলে সেই বাটে গল। পাছে মোমাই তামুলি বৰুৱা পল বোকাৰ পৰা ওলাই উজাই গৈ নাৱত উঠিল। পাচে সকলো ভঙ্গ হল; লোক জন উঠি পলাল। গোহাইবোৰো নাৱৰ ভঙ্গ দেখি গা ৰাখি আহিল। তৰুয়াও যুদ্ধ এড়ি আহিল। টংচু সন্দিকৈ তৰোবাৰৰ ঘা পাই এড়াই আহিল।