পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি অসম-বুৰঞ্জী
৮৩
 
 

 তিনি বেলি মাৰি হোহকালে। হাতেহাতে কটাকটি কৰিছে, তথাপিতো জুজ নেৰিছে। এইৰূপে তিনি প্ৰহৰ বেলা গল। তথাপিতো গঢ় দাঙ্গিব নোৱাৰিলে। পাছে তাৰ জি উমিৰা বোৰে যুদ্ধ কৰাইচিল। সেই সকলে উঠ ধৰিলে। আহোমৰ লোক সকল ভাগৰি আছিল। সেপকো গিলিব নোৱাৰিলে কাণ্ড গুলিও ধুকাল; কাৰো কেৱে মধ্যস্থ নহল; তেবে সকলো গঢ় এড়ি পলাল। আৰু দুইখন গাঢ় বঙালৰ মাজতে নাভাগি ৰহিল। তাকো আহোমে ৰাত্ৰি আনিলেগৈ, সক ১৫৫৯, মা ৮, দি ২৪। পাছে দুই দিন অন্তৰে ফুলবড়ুয়াৰ ভায়েক পলাই আহিল। পাছে মিৰ্জ্জা জাহিনা, আলিয়াৰ খাঁ, মহমদ জোমা, মঞ্চুৰ খা , ৰামচন্দ্ৰ কাৰ্জি, উত্তম, মিৰচাঁদ, দুই ঠাইৰ লোক একত্ৰ হৈ বাৰে পইতাৰ কোঠ দাঙ্গিলে। তথাপি এক প্ৰহৰ বেলা জুজিহে এড়িলে। আহোমে বিস্তৰ লোক পড়িব দেখি বলে নোৱাৰি ভাগিল; পোলোঙা কোৱঁৰ পডিল; টংচু সন্দিকৈ, লাচাম, হাৰি, এই দুই এড়াই আহিল; সক ১৫৫৯।

 জি বা ভগনীয়ালোক পলাই আহিল সিয়ো পাণ্ডু পালেহি, যি সৰুচকুৱা বড় গোহাঞি সেনাপতি হৈ আছিল। তাতোঁ বাতে ধৰিলে; এতেকে মহাৰাজা জানি, মৰঙ্গি পাত্ৰ, খড়াধৰা কোৱঁৰ এই দুইক পঠালে। সেই বেলা মলখুবছা সবো ভাগি পাণ্ডু পালেহি। সেই সময়ত মিৰ্জা জাহিনা সমে বঙালো আহি তৎকালে ধৰি লেহি। মাজত দিন ৰাত্ৰি গোট মাত্ৰ হল। সন্ধু কিব নাপালে। এতেকে ভগনিয়াৰ লগতে মৰঙ্গি পাত্ৰ, খড়াধৰা কোৱৰো এই দুয়ো কাজলিৰ কোঠ এড়ি কলিয়াবড় পালেহি।

 পাণ্ডু, সৰাইঘাটত একাঠি কাঁৰ মাৰোতা নহল। আৰু জত নাও পাণ্ডুত আছিল সবে বঙালে নিলে। পাচে এই সকলো কথা মহাৰাজালৈ জনালে বোলে মহাৰাজা এটা দড়িআল মানুহ দিলেহে জুজিব পাৰো। পাছে ৰাজা সুনি মমাই তামুলিক