এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
অঙ্কীয়া ভাওনা
পক্ষে নাটৰ ঘটনা-পৰম্পৰা ধৰিবলৈ সুবিধা হয়। আজি-কালিৰ
দিনত দৰ্শকসকলৰ মাজত বিলাই দিয়া ছপোৱা কাকত-কেইডুখৰি
মানে এই সূচনাৰ কাম কৰে। যেতিয়া ছপা-যন্ত্ৰ নাছিল আৰু
বিশেষতঃ নাটবোৰ যেতিয়া সাধাৰণ জন-সমাজক এটি আদৰ্শ
বুজাবলৈ ৰচিত হৈছিল, সূত্ৰধাৰৰ অভিনৱ ৰূপ-কল্পনা যে কিমান
সফল, সহজে অনুমান কৰিব পাৰি। মুঠ কথা, সূত্ৰধাৰৰ কথাবোৰ
ঘটনা-ক্ৰমৰ লগৰীয়াৰ-পাতনি স্বৰূপ আৰু নাটৰ ঘটনাৱলীৰ
অন্ততো সূত্ৰধাৰে সমজুৱাসকলক লক্ষ্য কৰি নাটৰ অভিপ্ৰেত অৰ্থ
বুজাই দিয়ে।
⸺