পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
অঙ্কীয়া ভাওনা


আপুনি আৰম্ভ হয়। অসমীয়া নাটত সূত্ৰধাৰক গুৰিৰপৰা শেষলৈকে দোহাৰত উপস্থিত থাকে আৰু এই সূত্ৰধাৰক কেন্দ্ৰস্থ কৰিয়েই চকৰিৰ দৰে ঘূৰে। এই সূত্ৰধাৰজন নাটকৰ প্ৰতিপাদ্য বিষয় আৰু দৰ্শক-মণ্ডলীৰ ভিতৰত মধ্যবৰ্ত্তী লোক। নাটকৰ ঘটনাৱলীৰ সকলে৷ সম্ভাৱিত অৰ্থ উদ্ধাৰ কৰি সূত্ৰধাৰে “আহে সামাজিক লোক” বুলি দৰ্শকসকলক বুজাই দিয়ে। গোটেই ভাওনাখন জানিবা বেৰত আঁৰি থোৱা ছবিৰ মানচিত্ৰ। সূত্ৰধাৰে এই চিত্ৰবোৰ আঙুলিৰে বুজাই দিয়াৰ দৰে নাটৰ ঘটনা-পৰম্পৰা আৰু সেইবোৰ তাৎপৰ্য ৰাইজক বুজাই নিয়ে।

 এই সূত্ৰধাৰৰ অনুৰূপ কল্পনা পুৰণি ভাৰতীয় সাহিত্যত নাই, ইয়াক দেখা যায় মাথোন পুৰণি গ্ৰীক্ নাটৰ কোৰাছৰ কল্পনাত। কিন্তু গ্ৰীক্‌ নাটে চৰম অভিব্যক্তি লাভ কৰিছিল বুলি মুখামুখিকৈ সমজুৱাসকলক লক্ষ্য কৰি গ্ৰীক্ কোৰাছে কথা নকয়, কেৱল নাটৰ ঘটনাবোৰৰ অৰ্থ দৰ্শক-মণ্ডলীক উপলক্ষ্য কৰি গীতৰ সহায়েৰে ব্যক্ত কৰে। অসমীয়া নাটত সূত্ৰধাৰৰ গীত আৰু সমজুৱাসকলক লক্ষ্য কৰি কোৱা গীতাৰ্থব্যঞ্জক কথাও আছে।

 পুৰণি অসমীয়া নাটৰ নিৰ্মাণত দুটি খলপা পোৱা যায়। নাটত গদ্য আৰু পদ্য দুয়োটা আছে। গদ্য কথাবোৰ একেবাৰে এৰি দিলেও কেৱল গীত আৰু পদৰ ভিতৰতেই বচন আৰু উত্তৰ স্বৰূপে নাটৰ ঘটনাৱলী পোৱা যায় আৰু গীত-পদ এৰি দিলেও কেৱল কথাৰপৰাই গোটেই নাটখন উদ্ধাৰ কৰিব পাৰি। গদ্য কথাবোৰ এৰি দিলে নাট হ’বই নোৱাৰে; কিন্তু কবিসকলৰ প্ৰতিভাৰ বিকাশ হৈছে গীতা আৰু পদবোৰৰ ভিতৰেদি। কথাবোৰেৰে নাটৰ ঘটনা-পৰম্পৰাক সৰলভাৱে সমজুৱাসকলক বুজুওৱা হৈছে মাথোন। কিন্তু সাহিত্য হিছাপে নাটবোৰৰ সাৰুৱা অংশ হৈছে গীতবোৰেই।

 পুৰণি অসমীয়া নাটৰ নিজ নাম হৈছে অঙ্কীয়া ভাওনা। সংস্কৃতত ভাণ নামে এবিধ নাটক আছে, তাত মাথোন একেটি