পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
পুৰণি অসমীয়া সাহিত্য


ভাওনাৰ উদ্দেশ্য প্ৰায় সমান হ’লেও বেছি প্ৰশস্ত শঙ্কৰদেৱৰ প্ৰচাৰিত আদি মূল অসমীয়া বৈষ্ণৱ মতত প্ৰতিমা পূজাৰ বিশিষ্ট ঠাই নাই। মূৰ্তি-পূজাৰ লগত প্ৰকৃত ধৰ্মৰ সম্বন্ধ থাকক নাথাকক, ই ধৰ্মৰ পৰিদৃশ্যমান ভাগ প্ৰকাশ কৰে। বিষম আড়ম্বৰ হৈ-চৈ এটি লগাই দি, ধৰ্মৰ বিষয়ত ই জন-সাধাৰণৰ বাহ্যিক দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমবাৰ তীৰ্থৰপৰা ঘূৰি আহি শঙ্কৰদেৱে নিজেই জগন্নাথ- মূৰ্তি প্ৰতিষ্ঠা কৰাই আন আন উদ্দেশ্যৰ লগতে নতুন যুগ-প্ৰৱৰ্তন সূচনা কৰে। কিন্তু মানুহৰ মন ধৰিবলৈ শঙ্কৰদেৱে প্ৰতিমা-পূজাতকৈ আন এটি বেছি ফলদায়ক উপায় আৱিষ্কাৰ কৰিলে। সেই হৈছে ভাওনাৰ প্ৰচলন।

 প্ৰায় সকলো দেশতেই ভাওনাই নৱধৰ্ম-প্ৰচলনৰ বাহন স্বৰূপে কাম কৰি আহিছে। পুৰণি গ্ৰীচ দেশত নাট্য-সাহিত্যৰ ভিতৰেদি জাতীয় আৰু আধ্যাত্মিক আদৰ্শ ব্যক্ত কৰা হৈছিল। খ্ৰীষ্টধৰ্ম প্ৰথমে প্ৰচলিত হ’বলৈ ধৰাত, নাট্য-সাহিত্যই ইয়াৰ বিস্তাৰত সহায় কৰিছিল। সেই একে উদ্দেশ্যৰ বশৱৰ্তী হৈয়ে শঙ্কৰদেৱে প্ৰথমে নাট্য-সাহিত্য ৰচনা কৰে। মানুহ স্বভাৱতে আমোদ- প্ৰিয় আৰু ভাওনাৰ এটি সুবিধা এই যে ৰং-ধেমালিৰ লগে লগে ই মানুহক শিক্ষা দিয়ে। পুৰণি বৈষ্ণৱ সাহিত্যত ভাওনাৰ ঠাই লোক-ৰঞ্জন, লোক-সংগ্ৰহ, লোক-স্থিতিত, আকৌ, ভাওনাৰে যিমান সোনকালে কোনো এটা বিষয় মানুহৰ মনত সুমুৱাই দিব পাৰি, আন একোৰে নোৱাৰি। “তৈলবিন্দুবৎ” পানীত তেলৰ টোপাৰ দৰে নাটৰ প্ৰতিপাদ্য বিষয় বিৰাট জনসঙ্ঘত বিয়পি পৰে।

 অসমীয়া নাটৰ নিৰ্মাণৰ কৌশলো ইয়াৰ উদ্দেশ্যৰ অনুৰূপ। সূত্ৰধাৰেই ইয়াৰ মধ্যস্থ পুৰুষ। সূত্ৰধাৰ নামটো সংস্কৃত নাটৰপৰা ধাৰ কৰি অনা হ’লেও ভাওনাত ইয়াৰ কাম সম্পূৰ্ণ স্বতন্ত্ৰ। সংস্কৃত নাটত সূত্ৰধাৰৰ কাম আছিল কেৱল গ্ৰন্থকাৰৰ পৰিচয় দি কি উপলক্ষে নাটখন প্ৰৱৰ্তন কৰা হ’ল, মাথোন এইখিনি কৈ দিয়া। তাৰ পিছত সূত্ৰধাৰ ওলাই যায় আৰু নাটৰ কাম আপোনা-