পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঙ্কীয়া ভাওনা

 পুৰণি অসমীয়া সাহিত্যত অঙ্কীয়া নাটবোৰৰ ঠাই মন কৰিব লগীয়া। অসমীয়া বৈষ্ণৱ-সাহিত্যক যদি আমি এটি স্বভাৱ-সম্পূৰ্ণ পদাৰ্থ বুলি ধৰি লওঁ, তেনেহ’লে ভাওনা-সাহিত্যক তাৰপৰা বাদ দিলে সি এটি বিকলাঙ্গ পদাৰ্থৰ দৰে হ’ব। বেলেগ বেলেগ বিভাগৰ বৈষ্ণৱ সাহিত্যবোৰ চকুৰ আগত একেলগে ৰাখি পৰ্যবেক্ষণ কৰি চালে এনেহে লাগে যে মহানুভৱ অসমীয়া ভক্ত-কবিসকলে সেই আটাইবোৰৰ ভিতৰেদি এটি অতীব মনমোহা বস্তু প্ৰচাৰ কৰিছিল শ্ৰীকৃষ্ণৰ ঐশ্বৰিক চৰিত আৰু পুৰুষত্ব। পুৰণি বৈষ্ণৱ কাব্যবোৰতো শ্ৰীকৃষ্ণ চৰিত্ৰৰেই বেলেগ বেলেগ ছোৱা প্ৰকাশ কৰা হৈছে। বৰগীত পুথিত গীতবোৰ কোনো এটি বিষয় ক্ৰম নোহোৱাকৈ খেলিমেলি হৈ আছে। কিন্তু সেইবোৰক যদি প্ৰতি পাদ্য বস্তুৰ ক্ৰম অনুসাৰে ওলট-পালটকৈ ভাঙি বাছি উলিওৱা যায়, তেনেহ’লে তাৰ ভিতৰতো ভক্ত-বৎসল শ্ৰীকৃষ্ণৰ চৰিত্ৰ বেলেগ বেলেগ অংশ বিশেষতঃ শিশুলীলা খণ্ড ওলাব। কীৰ্তন পুথিতো আমূল কৃষ্ণ-চৰিত্ৰই ওলাব। অঙ্কীয়া নাটবোৰো কৃষ্ণ-লীলা প্ৰচাৰ কৰিবৰ উদ্দেশ্যেই লিখা। ভট্টদেৱৰ সংক্ষিপ্ত কথা-ভাগৱতো সকলোৱে বুজিব পৰাকৈ গদ্যত কৃষ্ণ-চৰিত্ৰ-প্ৰকাশৰে চেষ্টা। এতেকে দেখা গ’ল, পুৰণি অসমীয়া বৈষ্ণুৰ সাহিত্যৰ কেৱল বিশাল উদ্যম পদ্য, গদ্য, গীত, ভাওনা সকলোবোৰৰ ভিতৰেদিয়েই প্ৰচাৰ কৰা শ্ৰীকৃষ্ণৰ ভক্ত-বৎসল চৰিত্ৰ। শ্ৰীকৃষ্ণ-চৰিত্ৰকেই কেন্দ্ৰ কৰি সকলো অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্তি আছে।

 কেৱল এটি বিষয়ত আৰম্ভ হৈও কৃষ্ণ চৰিত্ৰত ফুটি নোলাল। চিত্ৰ-বিদ্যাত পুৰণি অসম অইন অইন ভাৰতীয় প্ৰদেশবোৰৰ আগ নহ’লেও পিছত নপৰে। কেইবছৰমান আগতে অসম চৰকাৰে