পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
পুৰণি অসমীয়া সাহিত্য

মীৰাবাঈসকলৰ নামে গীত-সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণৱ-আন্দোলনে ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ খলক লগাইছিল, যি ভক্তিৰ উচ্ছ্বাস সজাগ কৰি তুলিছিল, আমাৰ বৰগীতবোৰ সেই খলক আৰু উচ্ছ্বাসৰ প্ৰতিধ্বনি মাথোন। ভাৰতৰ এচুকত পৰি থাকিলেও বৰগীত আদি কৰি অসমীয়া বৈষ্ণৱ কবিসকলৰ পদাৱলীবোৰে ভাৰতৰ আন আন ঠাইৰ লগত অসম-বাসীৰ শিক্ষা-দীক্ষা আদিৰ ঐক্য-ভাবৰ পৰিচয় দিয়ে।