পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
পুৰণি অসমীয়া সাহিত্য


মানুহৰ লগত কথা ক’ব লাগিলে অপত্য-স্নেহ সূচক ‘আই, বোপাই’ সম্বোধন কৰে। বোধ হয় মনস্তত্ত্বৰ সেই একে প্ৰণালী অনুসাৰেই মাধৱদেৱৰ মনতো বাৎসল্য প্ৰেমে সংসাৰৰ অইন অইন ৰসৰ ঠাই অধিকাৰ কৰি আছিল।

 যি হওক, পুৰণি অসমীয়া সাহিত্যত মাধৱদেৱ বাৎসল্য-ৰসৰ শ্ৰেষ্ঠ প্ৰকাশক। সমসাময়িক ভাৰতৰ আন আন বৈৱষ্ণ মত প্ৰকাশকসকলৰ হাতত শিশু-লীলা এনে এঢলীয়াভাৱে ক’তো পৰিস্ফূট হৈ ওলোৱা যেন নালাগে।

 চোৰ-ধৰা আৰু পিম্পৰা গুচুৱা নাটক দুখন যি বিষয় লৈ লিখা, ঠিক তেনে বিষয়ৰ উল্লেখ ভাগৱত বা হৰিবংশত নাই। পুৰাণাদিত কৃষ্ণৰ বাল-সুলভ চাতুৰ্য লৈ যি দুটা এটা ঘটনাৰ উল্লেখ আছে, তেনে ঘটনাৰ লগত খাপ খুৱাই নাট দুখনৰ বিষয় উদ্ভাৱিত হৈছে।

 নাট্য-সাহিত্যৰ আধুনিক শ্ৰেণী-বিভাগমতে নাট দুখন ধেমেলীয়া নাটৰ ভিতৰত পৰে আৰু যদিও আজি-কালিৰ নাটকৰ প্ৰণালী ইয়াত নাই তথাপি নাটকত যি যি মৌলিক উপাদান লাগে, সেই সকলোবোৰ ইয়াত বৰ্তমান আছে।

 সকলো নাটকতেই বিৰুদ্ধ শক্তি কেতবোৰৰ সংযোগৰ ভিতৰেদি একীকৰণ হয়। সেই একীকৰণ কাম দুই বা তাতোকৈ বেছি ভাৱৰীয়াৰ কথা-বাৰ্তাৰেই সম্পাদিত হয়। ‘চোৰ ধৰা’ নাটকত এই বিৰুদ্ধ ভাব দুটা হৈছে— এফালে গোৱালিনীসকলে চোৰ বুলি কৃষ্ণক ধৰা আৰু অইন ফালে যশোদাৰ কৃষ্ণ হেৰাল বুলি আকুল অন্বেষণ। বহুত বিচৰাৰ পিছত যশোদাই আহি কৃষ্ণক গোৱালিনীসকলৰ হাতৰপৰা এৰুৱাই অনেক কাতুৰ্বাদ কৰি ঘৰলৈ লৈ গ’ল। মাতৃ- স্নেহৰ প্ৰৱল সোঁতত সন্তানৰ প্ৰতি লোকৰ অপযশ ক’ৰবালৈ উটি-ভাহি গ’ল।

 ‘পিম্পৰা-গুচুৱা’ নাটত বিৰুদ্ধ তিনি শক্তিৰ সংযোগ হৈছে—গোপীসকলৰ কৃষ্ণৰ ওপৰত দোষাৰোপ যশোদাৰ ভৎৰ্সনা আৰু মাকৰ ওচৰত কৃষ্ণৰ ভেম।