পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৰ-ধৰা

 অসমীয়া বৈষ্ণৱ সাহিত্যত শ্ৰীকৃষ্ণৰ শিশু-লীলাই বঙলা বৈষ্ণৱ সাহিত্যৰ শ্ৰীৰাধা-কৃষ্ণ-লীলাৰ অনুৰূপ ঠাই অধিকাৰ কৰি আছে। কৃষ্ণৰ প্ৰতি বাৎসল্য-প্ৰেমৰ অভিব্যক্তি হয় মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীধৰ কন্দলিৰ কবিতাৰ ভিতৰেদি। কৃষ্ণৰ বাল্য লীলা বিষয়ে কন্দলিয়ে কেৱল বিখ্যাত ‘কাণ-খোৱা’ পুথিৰ অন্তৰ্গত দুটি কবিতা মাথোন লিখি থৈ গৈছে। কিন্তু মাধৱদেৱৰ হাতত বাল-কৃষ্ণৰ অসংখ্য ৰহস্যপূৰ্ণ চিত্ৰ নানান নাট আৰু গীত-কবিতাত প্ৰকাশ পাইছে। ‘বৰগীত’ৰ অন্তৰ্গত মাধৱদেৱ বিৰচিত গীতবোৰৰ ভিতৰত যিবোৰ সকলোতকৈ মনোৰম, তাৰ বেছি ভাগেই শ্ৰীকৃষ্ণৰ বাল্য-লীলা-বিষয়ক।

 গীত-আকাৰে কৃষ্ণৰ ধেমেলীয়া বাল্য-চৰিত ভাঙি উলিয়াই সন্তুষ্ট নহৈ নাটবোৰতো আহল-বহলকৈ নানা ৰস-ৰঞ্জিত কৰি মাধৱদেৱে কৃষ্ণৰ বাল্য-লীলাকেই কীৰ্তন কৰিছে। তেওঁৰ বিৰচিত ছওখন নাটকেই প্ৰায় সম-বিষয়ক। ভক্তই হওক বা কবিয়েই হওক, মাধৱদেৱৰ এইটো বৰ বিশেষত্ব, তেওঁ হয় বাৎসল্য-ৰস, নহয় দাস্য-ভক্তিৰ গৌৰৱ কীৰ্তন কৰে; হয় নাম-ঘোষা, ভক্তিৰত্নাৱলী আদি গ্ৰন্থত দুৰ্বোধ তত্ত্ব-নিৰ্ণয়, নহয় চোৰ-ধৰা আদি ধেমেলীয়া নাটবোৰত বাৎসল্য-প্ৰেমৰ ভিতৰেদি কৃষ্ণৰ শিশু-লীলা কীৰ্তন কৰিছে। শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰো দুটা কাণ্ড ভাঙিছিল; কিন্তু এইটো মন কৰিবলগীয়া যে, তাতো মাধৱদেৱে ভাঙিছিল ৰামায়ণৰ বালকাণ্ড অৰ্থাৎ ৰাম, লক্ষ্মণ আদিৰ শৈশৱ-লীলা-কীৰ্তন।

 মাধৱদেৱ চিৰকুমাৰ আৰু সংসাৰ-ত্যাগী বৈৰাগী আছিল। চিত্তোন্মাদক আন আন ৰস-কীৰ্তন তেওঁত নুযুৱায়। পৰম বিৰক্ত হ'লেও ভীষ্মদেৱৰ তেওঁৰ নাতি-সম্বন্ধীয় অৰ্জুনসকলৰ প্ৰতি অগাধ অপত্য স্নেহ আছিল। প্ৰকৃত যোগী সন্ন্যাসীবোৰেও সাংসাৰিক