পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পৰকীয়া ভাব


—প্ৰেমিকা এফালে ৰমণী, আনফালে পিতৃ-মাতৃ আৰু বেদৰ শ্ৰেষ্ঠ মন্ত্ৰ গায়ত্ৰী-স্বৰূপ।

 সি যি হওক, ৰাধা-কৃষ্ণবাদ চৈতন্যদেৱৰ আগৰপৰা যিভাৱে বঙ্গদেশত চলি আহিছিল, সি বৌদ্ধ আৰু হিন্দু ধৰ্মৰ নিগূঢ় সংঘৰ্ষণৰপৰা উদ্ভূত হৈছিল আৰু চৈতন্যদেৱে জয়দেৱ চণ্ডীদাসসকলৰ সহজ ভাবকেই নিজ সাধনাৰ জীৱনত আধ্যাত্মিক ৰহস্যৰ চৰম সীমালৈ লৈ গৈছিল।

 ওপৰত ভক্তসকলৰ যি পৰকীয়া ৰতিৰ কথা কৈ অহা হৈছে, তাক সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ ভাব বুলি ধৰি ল’লে ভুল হ’ব। এই পৰকীয়া আধ্যাত্মিক প্ৰেম সাহিত্য আৰু সাধনা-ক্ষেত্ৰত এটি দুৰ্বোধ্য বিষয়। ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ ৰাধা-কৃষ্ণৰ প্ৰেমক আশ্ৰয় কৰি যি পৰাঙ্গনা-প্ৰীতি প্ৰচলিত হ’ল, ঠিক তেনে সময়তেই য়ুৰোপত নৱাভ্যুদয় আন্দোলনত (Renaissance movement) দাৰ্শনিক প্লেটোৰ দাৰ্শনিক তত্ত্বক আশ্ৰয় কৰি, দাৰ্শনিক প্ৰেমবাদ (Platonic love ) বুলি পৰকীয়া প্ৰীতি নৱাভ্যূদয় আন্দোলনৰ এক বিশিষ্ট ভাবধাৰা হৈ উঠিল। বিয়েট্ৰীচৰ প্ৰতি ডাণ্টেৰ, ভিটোৰীয়া কলোনাৰ (Vittoria Colonna ) প্ৰতি মাইকেল এঞ্জিলোৰ, ল’ৰাৰ (Laura) প্ৰতি পেট্টাৰ্কৰ যি পৰকীয়া প্ৰেম তাত কোনো পাৰ্থিব কলুষভাব নাই। এই প্ৰেমিকাসকল তেওঁলোকৰ কবিতা আৰু সুকুমাৰ শিল্পৰ অধিষ্ঠাত্ৰী দেৱীস্বৰূপে বিৰাজমান আছিল। শেহত গৈ এনেকুৱাহে ৰীতি হ’ল যে, কবি হ’ব লাগিলেই কাল্পনিকেই হ’ক বা বাস্তৱিকেই হ’ক পৰকীয়া স্ত্ৰীমূৰ্তি এটি মনত ধাৰণ কৰি ল’বই লাগিব। শিল্পপ্ৰধান য়ুৰোপত যি ভাব শিল্প আৰু কবিতাৰ ভিতৰেদি প্ৰকাশ হৈছিল, ধৰ্ম-প্ৰধান ভাৰতত সেই একে ভাবেই আধ্যাত্মিক জীৱনৰ ভিতৰেদি প্ৰকাশ হৈছিল।

 দেৱাসুৰৰ সাগৰ-মন্থনত লক্ষ্মীদেৱীৰ আৱিৰ্ভাৱ হোৱাৰ দৰে যি যি ঐতিহাসিক কাৰণৰ সংঘৰ্ষৰপৰা ৰাধাদেৱী বঙ্গদেশত আৱিৰ্ভুত হৈ বঙলা সাহিত্যক নতুন গঢ় লগাই দিলে, সেইবোৰ আন্দোলন পুৰণি অসমত নথকা গুণেই আৰু অসমীয়া বৈষ্ণৱ কবিসকলৰ কল্পনাৰ ক্ৰমৰ বিভিন্নতা গুণেই ৰাধা-কৃষ্ণ প্ৰেম লীলা অসমীয়া সাহিত্যত সোমোৱা নাই।