পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
পুৰণি অসমীয়া সাহিত্য


সহজ মত গ্ৰহণ কৰিলে। বহুতে কয়, মূৰ খুৰোৱা বৌদ্ধ শ্ৰাৱক- শ্ৰাৱিকাসকলৰ পৰাই বঙ্গদেশত “নেড়া-নেড়ীৰ” সৃষ্টি হয়।

 শঙ্কৰদেৱৰ চৰিত-পুথিত যি অনাচাৰি ঘূৰি ফুৰা বৌদ্ধসকলৰ উল্লেখ আছে সেইবোৰ গৌড়, বিহাৰ আদি দেশৰ পৰা ছিটিকি অহা সহজীয়া বৌদ্ধ ভিক্ষু বুলি ভাবিবৰ কাৰণ আছে।

 যি হওক, বঙ্গদেশৰ সহজীয়া বৈষ্ণৱসকলৰ সৰ্বপ্ৰধান আছিল জয়দেৱ গোস্বামী। যি সহজ ভাব বৌদ্ধ বোধিসত্ত্বসকলে নিজৰ বোধিচিত্তত অনুভৱ কৰিছিল, বৈষ্ণৱ সহজীয়াসকলে সেই ভাবটো ৰাধা-কৃষ্ণ যুগল ৰূপত আৰোপ কৰিছিল। গীত-গোবিন্দৰ যি যুগল কল্পনা সি এই সহজ ভাবৰ ভিতৰেদিহে। বৈষ্ণৱ সহজীয়াসকলৰ উপাস্য দেৱতা ৰাধা-কৃষ্ণৰ যুগল ৰূপ আৰু যুগল ভাব সাধনাৰ কাৰণে উপাসকেও পৰকীয়া প্ৰীতি অনুভৱ কৰিব লাগে। গীত-গোবিন্দত যি পদ্মাৱতীৰ উল্লেখ আছে, তেওঁৰ লগত পণ্ডিতসকলে জয়দেৱৰ স্বামী-স্ত্ৰী সম্বন্ধ নেদেখে। কোন হিন্দুৱে বাৰু নিজক “পদ্মাৱতীচৰণচাৰণচক্ৰৱৰ্তী” বুলি পৰিচয় দিব পাৰে? জয়দেৱৰ পিছৰ বৈষ্ণৱ সাধকসকলেও পৰকীয়া ৰতি সাধন কৰিছিল। চণ্ডীদাসে ৰামী নামে ধুবুনীৰ প্ৰতি বিদ্যাপতিয়ে শিৱসিংহ ৰজাৰ ৰাণী লছিমাৰ প্ৰতি, ৰায় ৰামানন্দই জগন্নাথৰ দেৱদাসীৰ প্ৰতি, শ্ৰীৰূপ গোস্বামীয়ে মীৰাবাঈৰ প্ৰতি, বিল্বমঙ্গলে চিন্তামণিৰ প্ৰতি পৰকীয়া ৰতি প্ৰকাশ কৰিছিল বুলি প্ৰৱাদ-পৰম্পৰা চলি আহিছে।

 তলত তুলি দিয়া চণ্ডীদাসৰ পদ কেইফাকিৰ পৰা এই সহজ প্ৰেমৰ প্ৰকৃতিৰ বিষয় অলপ ধাৰণা হ’ব পাৰে? চণ্ডীদাসে তেওঁৰ সহজ প্ৰেমিকা ৰামী ধুবুনীৰ বিষয়ে কৈছে,

ৰজকিনী-ৰূপ কিশোৰী-স্বৰূপ কাম-গন্ধ নাহি তায়।
না দেখিলে মন কৰে উচাটন দেখিলে পৰাণ জুৰায়॥
তুমি ৰজকিনী আমাৰ ৰমণী তুমি হও পিতৃ-মাতৃ।
ত্ৰিসন্ধ্যা যাজন তোমাৰি ভজন তুমি বেদমাতা গায়ত্ৰী॥