পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পৰকীয়া ভাব


ভিতৰত ধৰি লোৱা হৈছে। কোনো কোনো ভাৰতীয় পুৰাতত্ত্বজ্ঞ পণ্ডিতৰ মতে বৌদ্ধধৰ্ম যেতিয়া সকলো এচিয়া মহাদেশত বিস্তৃত হৈ পৰিছিল, তেতিয়াই বেছি ভাগ পুৰাণ-গ্ৰন্থ ৰচিত হয়। পুৰাণকাৰসকলে বুদ্ধদেৱক বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰি লৈ বৌদ্ধধৰ্মৰ স্বাতন্ত্ৰ নষ্ট কৰে। আৰু যদিওবা কোৱা যায় যে, পুৰাণ গ্ৰন্থবোৰ আগৰপৰাই চলিত আছিল, তেনে হ’লেও বৌদ্ধ প্ৰভাৱত যে সেইবোৰত ভালেমান, নতুন কথা সোমাইছিল, তাত কোনো সন্দেহ নাই। প্ৰত্নজ্ঞ পণ্ডিতসকলৰ মতে আজি-কালি যি ব্ৰহ্মবৈৱৰ্ত- পুৰাণ চলি আহিছে, সি আগৰ ব্ৰহ্মবৈৱৰ্ত-পুৰাণ নহয়। পুৰণি ব্ৰহ্মবৈৱৰ্ত-পুৰাণৰ লোপ হৈছে আৰু বৰ্তমান ব্ৰহ্মবৈৱৰ্ত-পুৰাণ আন সকলো পুৰাণতকৈ নুমলীয়া। গীত-গোবিন্দ কাব্য আৰু ব্ৰহ্মবৈৱৰ্ত- পুৰাণ একে মূলৰ ওচৰতে ৰাধা-কৃষ্ণ লীলা-মাধুৰীৰ বিষয়ত ধৰুৱা হ’ব পাৰে।

 পণ্ডিতসকলে কয় যে, বৌদ্ধ ধৰ্মৰ অৱনতিৰ সময়ত যেতিয়া তিৰোতাসকলকো ভিক্ষুশ্ৰাৱিকা হিছাপে মঠত অধিকাৰ দিয়া হ’ল, তেতিয়া স্ত্ৰী-পুৰুষৰ অবৈধ মিলনৰপৰ৷ নানান সম্প্ৰদায়ৰ মাজত এক সহজিয়৷ সম্প্ৰদায়ৰ উদ্ভৱ হয়। সহজিয়া মত বৌদ্ধ সহজ যানৰপৰা ওলাইছে বুলি কোনো পণ্ডিতে কয়। সহজিয়া সম্প্ৰদায়ৰ দুই ৰূপ শাক্ত আৰু বৈষ্ণৱ। শাক্তৰ উপাস্য ভৈৰৱ-ভৈৰৱী আৰু বৈষ্ণৱৰ উপাস্য ৰাধা-কৃষ্ণৰ যুগল-মূৰ্তি। সহজিয়া মতৰ স্থুল মৰ্ম হৈছে এইটো যে, সৰ্বতোভাৱে ভোগ-সম্ভোগৰপৰা যি সহজ স্বাভাৱিক আনন্দ লাভ হয়, তাৰ ৰাই নিৰ্বাণ-পদ লাভ হ’ব পাৰে। আৰু এই আনন্দ সম্পূৰ্ণ হ’ব লাগিলে পৰাঙ্গনাৰ লগত প্ৰীতি স্থাপন কৰিব লাগে। এই সহজ মতেই শেষত গৈ হিন্দু মতত পৰিণত হয়। আন আন শাখা-প্ৰশাখাৰ মাজত কেতবোৰ বৈষ্ণৱ হয় আৰু গৌড় বঙ্গ আদি নানা ঠাই সহজিয়া সম্প্ৰদায়বোৰৰ কেন্দ্ৰস্থান হৈ উঠিল। তাৰ পিছত মুছলমানসকলে উত্তৰ ভাৰত অধিকাৰ কৰি বৌদ্ধ মঠবোৰ ভাঙি পেলালত, মূৰখুৰোৱা বৌদ্ধ ভিক্ষুসকলে জাতি-ধৰ্ম-নিৰ্বিশেষে