পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
পুৰণি অসমীয়া সাহিত্য


সংগঠন কৰিছে; ৰামানন্দ, তুলসীদাসসকলে ৰামায়ণৰপৰা; একনাথ, নামদেৱ, শঙ্কৰদেৱসকলে ভাগৱতৰপৰা, গুৰু নানক আৰু কবীৰসকলে ৰামায়ণ, ভাগৱত আদি গ্ৰন্থবোৰৰ সামঞ্জস্যৰপৰা ভক্তিবাদ উলিয়াইছে। মুঠকৈ ক’ব লাগিলে, বেদান্ত-সূত্ৰ, গীতা, ৰামায়ণ আৰু ভাগৱত, এই কেইখনকেই নৱবৈষ্ণৱ আন্দোলনৰ মূল গ্ৰন্থ বুলি ধৰিব পাৰি। কিন্তু ইয়াৰ কোনোখনৰ ভিতৰতেই চৈতন্যদেৱে প্ৰৱৰ্তোৱাৰ দৰে ৰাধা-কৃষ্ণবাদ নপৰে।

 ৰাধা-কৃষ্ণবাদ বৈষ্ণৱ আন্দোলনৰ ভিতৰত সোমাল কেনেকৈ? ৰাধাদেৱীৰ বিশেষ উল্লেখ পোৱা যায় ব্ৰহ্মবৈৱৰ্ত পুৰাণত। অৱশ্যে ৰাধা-বিষয়ক ৰাধা-তন্ত্ৰ আদি বেলেগ পুথিও আছে। কিন্তু চৈতন্য- দেৱৰ যুগল উপাসনাক ব্ৰহ্মবৈৱৰ্ত পুৰাণ-মূলক বোলাৰ আগতে এইটো চাবলগীয়া যে, চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ প্ৰায় দুশ বছৰ আগতেই বঙ্গদেশৰ জয়দেৱ গোস্বামীয়ে গীত-গোবিন্দ কাব্যত ৰাধা-কৃষ্ণৰ যুগল- লীলাক সংস্কৃত সাহিত্যত অমৰ কৰি তুলিছিল। তেওঁৰ পিছত মিথিলাৰ বিদ্যাপতি আৰু বঙ্গদেশৰ চণ্ডীদাসে চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ বহুত আগতেই ৰাধা-কৃষ্ণৰ প্ৰেম-মাধুৰীক জন-সাধাৰণে বুজিব পৰাকৈ নিজ নিজ স্থানীয় ভাষাত সুললিত, সুশ্ৰাব্য সুৰেৰে ধ্বনিত কৰি তুলিছিল। জয়দেৱ, বিদ্যাপতি, চণ্ডীদাসসকলৰ কবিতাৰ ভিতৰেদি বিৰাট প্ৰেমিকক লক্ষ্য কৰি যি আহ্বান-ধ্বনি উঠিছিল, তাৰ পৰিপূৰ্ত্তিস্বৰূপে যজ্ঞ-ধূমৰপৰা দ্ৰৌপদী আৱিৰ্ভূত হোৱাৰ দৰে মূৰ্তিমান চন্দ্ৰপ্ৰভা চৈতন্যদেৱৰ আৱিৰ্ভাৱ হয়। আৰু যি আকাঙ্ক্ষাৰ পূৰ্তিস্বৰূপে তেওঁৰ অৱতাৰ হয়, সেই আকাঙ্ক্ষাপূৰ্ণ যুগল উপাসনামূলক কবিতাৰ ভিতৰেদিয়েই তেওঁ সকলো বঙ্গদেশক মুখৰিত কৰি তুলিছিল।

 আজিকালি যিবোৰ পুৰাণ-গ্ৰন্থ প্ৰচলিত আছে, তাৰ বেছি ভাগেই হয় বুদ্ধদেৱৰ আৱিৰ্ভাৱৰ বহুত পিছত ৰচিত, নহয় আগৰ পুৰাণবোৰতেই বৌদ্ধধৰ্মৰ প্ৰভাৱত বহুত নতুন কথা সোমায়। কিয়নো প্ৰায় সকলোবোৰতেই বুদ্ধদেৱক বিষ্ণুৰ দশাৱতাৰৰ