পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কুমৰ হৰণ

হেন শুনি চিত্ৰলেখী  বোলে নমৰিবা সখী
 দুঃখ তোৰ গুচাইবো এখনে।

 চিত্ৰলেখাই মায়া বিদ্যা জানে। ছলনা কৰি অনিৰুদ্ধক হৰিবলৈ সাজি-পাৰি দ্বাৰকালৈ ওলাল। চিত্ৰলেখাৰ অপৰূপ ৰূপ দেখি ঊষাৰ মন সন্দিহান হোৱা কথাটে৷ কবিৰ কৌতুকপূৰ্ণ উদ্ভাৱনা।

ঊষা বোলে সখী তোৰ বুজিলো আকলি।
আগে শাস খাই পাছে দিবিহি বাকলি॥

 দ্বাৰকাৰ ওচৰত গৈ নাৰদক লগ পোৱা কথাটো ভাগৱতত নাই, হৰিবংশত আছে। নাৰদৰ লগত কৌতুকপূৰ্ণ আলাপ আৰু মায়া- প্ৰদৰ্শন কবিৰ উদ্ভাৱনা। মূলত নাৰদে তামসী বিদ্যা দিয়া বুলি কৈছে। কিন্তু হৰণলুকি মায়া আৰু তাৰ সাধনাৰ উপায় কবিৰ কল্পনা-সৃষ্ট আৰু সেইবোৰৰ গুণে অসমীয়া কাব্য বেছি সঞ্জীৱিত হৈ উঠিছে।

 হৰণলুকি মায়াৰ বলতে মৌ-মাখি হৈ–খিৰিকিৰ বিন্ধাইদি সোমাই ভিতৰত নিজ ৰূপ ধৰিলত অনিৰুদ্ধৰ মনত মদন-পীড়া হ’ল৷ সেই ছলতে মায়া কৰি বাহিৰলৈ আনি সকলো কথা ভাঙি-ছিঙি কৈ শোণিতপুৰলৈ লৈ গ’ল। মূলতে অনিৰুদ্ধয়ো সপোনতে উষাক দেখি কাময়মান হৈ আছিল আৰু চিত্ৰলেখাই ইঙ্গিত কৰোতেই নিজেই আহিবলৈ ওলাল—“নয়ম্ব চিত্ৰলেখে মাং দ্ৰষ্টুমিচ্ছাম্যহং প্ৰিয়াম।” অসমীয়া কাব্যত অনিৰুদ্ধক সম্পূৰ্ণভাৱে অজ্ঞ ৰখাত কাব্যৰ জেউতি বাঢ়িছে। অজ্ঞাত প্ৰেয়সীৰ উপযচা মাতমতে প্ৰণয়-সম্ভাষণ কৰিবলৈ যোৱাটে৷ আগেয়ে মন বুজাবুজিকৈ যোৱাতকৈ বেছি ৰহস্যময়।

 নানা ব্যঞ্জনেৰে অনিৰুদ্ধক ভোজন কৰোৱা বৰ্ণনাবোৰ কবিৰ হাস্যপূৰ্ণ কথা মাথোন। আগৰ দিনৰ পদ-পুথিবোৰ দহজনে এঠাইত বহি শুনিবলৈ লিখা হৈছিল। নজনা মানুহৰ মনত সন্তোষ জন্মাবলৈ কেতিয়াবা কেতিয়াবা অলাগতিয়াল ধেমেলীয়া কথাৰো সমাৱেশ দেখা যায়। এঠাইত কিন্তু কবিৰ ৰস-ভঙ্গ হৈছে। উষাৰ এজনী বিকৃতাকাৰ বুঢ়ী দাসী আছিল। তাই লাভৰ আশাতে এই গুপ্ত