পেলাই কাম সমুদ্ৰত কিবা দোষ দেখি মোত
তাজি গৈলা সিটো প্ৰাণনাথ।
নাপাওঁ যেবে তাঙ্ক স্বামী নিশ্চয়ে মৰিবো আমি
সখী সত্য কহিলো তোমাত॥
হেন শুনি চিত্ৰলেখী বোলে নমৰিবা সখী
দুঃখ তোৰ গুচাইবোঁ এখনে।
স্বপনত তোৰ মন হৰিলেক যিটো জন
তাঙ্ক আনি দিবোঁ এহি থানে।
বুদ্ধিমতী সখীয়েকে মায়াৰ বলতে প্ৰথমে দেৱতাসকলক পটত লিখিলে। চাই চিন্তি উষা দেৱীয়ে ক’লে—“নাহি সিটো পুৰুষ শোভন!” গন্ধৰ্ব-বিদ্যাধৰসকলক তুলিলে, “ঊষা বোলে আতো স্বামী নাই!” বৃঞ্চি-বংশক আঁকিলে, “দেখি উষা মনে চমকিল।” অনিৰুদ্ধক আঁকিব খোজোতেই উষা দেৱী “ধৰিবাক চাহে আঙ্গোৱালি।” তাৰ পিছত—
লাজে মুখ বস্ত্ৰে ঢাকি বোলে শুনা প্ৰাণসখী
মোৰ প্ৰাণনাথ এহিজন।
দেখা কেনে মূৰ্ত্তিমন্ত ভুবন-মোহন কান্ত
কোন নাৰী ধৰিবেক মন॥
গোটেই কবিতাটো নাট্য-ভাবেৰে ভৰপূৰ!
অসমীয়া কাব্যৰ উষা বৰ আদৰুৱা আৰু সখী-প্ৰাণা। মূলত থকাৰ দৰে কুমাৰী-ব্ৰত ভঙ্গ হোৱা বুলি আত্ম-বিচাৰে উষাত নুযুৱায়। “পদং সহেত ভ্ৰমৰস্য পেলৱং শিৰীষপুষ্পং ন পুনঃ পতত্ৰিঃ”— শিৰীষ ফুলে ভোমোৰাৰ ভৰ সহিব পাৰে, চৰাইৰ নহয়। সপোনত জোন পাই সৰু ল’ৰাই কান্দি উঠাদি উষা কান্দি উঠিল—
নাপাওঁ যেবে তাঙ্ক স্বামী নিশ্চয়ে মৰিবো আমি
সখী সত্য কহিলো তোমাত।
ইয়াৰ পিছত কবিয়ে লগাই দিছে যে, উষা কটাৰী লৈ মৰিবলৈ সাজু হ’ল আৰু চিত্ৰলেখীয়ে কটাৰী আচাৰি পেলাই স্বামী আনি দিবৰ ভাৰ ল’লে—