উষাই সপোনত স্বামী পালে। “সপোনত কামে ধৰে, বিকল
কৰে, ধৰিবে চাৱই আঙ্কোৱালি।” সাৰ পাই আকুল হ’ল, তদ্ৰামোহ
তেতিয়াও যোৱা নাই। শয্যাত হাত বুলাই “কৈক গৈলা প্ৰাণনাথ”
বুলি কান্দিবলৈ ধৰিলে। সকলো বিমৰিষ কৰি চিত্ৰলেখাই তবধ
মানিলে।—“কিবা সপোনত তই দেখি আছা চোৰ?” উষাই সকলো
কথা বিৱৰি ক’লে। কাব্যৰ সপোন বৃত্তান্ত পয়াৰ ছন্দতেই বৰ্ণিত
হৈছে, কিন্তু দশমৰ অন্তৰ্গত আখ্যানত ছবিছন্দত বৰ্ণনা আছে।
দুয়োটা বৰ্ণনা একে ভাষাতে হ’লেও ছবিছন্দৰ বৰ্ণনাটো বেছি
মুগ্ধকৰ আৰু বৰ্ণনাটোও কবিৰ নিজা। মূলত ইয়াৰ আভাস মাত্ৰহে
আছে। ছবিৰ হেন্দোলনিত হৃদয়ৰ প্ৰত্যেক স্পন্দনৰ ঝঙ্কাৰেই
মিহলি হোৱা যেন লাগে। মূলমতে সপোনৰ পিছতে কুমাৰী-ব্ৰত
ভঙ্গ হোৱা বুলি ঊষাই বহুত বিলাপ কৰা কথা আছে, আৰু
সখীসকলৰ অনেক পৰামৰ্শৰ পিছতহে চিত্ৰলেখাৰ আগত সকলো
কথা প্ৰকাশ কৰে। মূলৰ কথা বৰ বিস্তাৰ-পূৰ্ণ, ইপিনে আকৌ
ভাগৱতত সকলো বৃত্তান্তৰ অতি সংক্ষেপে উল্লেখ আছে। এনে
স্থলত কবিয়ে সকলো কথা নিজৰ কবিত্ব-শক্তিৰ—পৰাই বৰ্ণাইছে।
এই স্বপ্ন-বিৱৰণ নিজেই এটি স্বাধীন কবিতা। ইয়াত ভাব আৰু
ভাষাৰ সুললিত সমাৱেশ হৈছে!
দশমৰ অন্তৰ্গত স্বপ্ন-বিৱৰণ তলত তুলি দিয়া হ’ল—
ঊষা বোলে প্ৰাণ-সখী স্বপ্নত আছিলো দেখি
পুৰুষেক ত্ৰৈলোক্য মোহন।
চাৰু শ্যাম কলেৱৰ দিব্য পীত বস্ত্ৰধৰ
ৰুচিকৰ কমল-লোচন॥
পিয়াই অধৰ মধু মনত হৰিয়া মোৰ
নজানো লুকাই কোথা যাই।
তাঙ্কে মই স্বামী বুলি বিচাৰোহোঁ বিয়াকুলি
সখী মোক দিয়োক দেখাই॥