পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পুৰণি অসমীয়া সাহিত্য


মূলতকৈ বহুত বেলেগ। হৰিংবশৰ মতে এই উপাখ্যানৰ গুৰিডোখৰ ঘূৰণি পাক খোৱা। অসমীয়া কাবাৰ মধ্যস্থ ঘটনা ঊষা-চৰিত আৰু হৰিবংশৰ মধ্যস্থ ঘটনা বাণ-চৰিত। সেইদেখি হৰিবংশৰ আদিতে বাণৰ বৰ-মাগনি আৰু মন্ত্ৰীৰ লগত পৰামৰ্শ আৰু মন্ত্ৰীৰ আশঙ্কা আদি বহুত কথা আছে। ঊষা নায়িকা থকা অসমীয়া কাৰ্য্যত সেইবোৰৰ একো আৱশ্যক নাই বুলি কবিয়ে সেইবোৰ বাদ দিছে। উষাৰ অৱৰোধ আৰু চিত্ৰলেখাৰ লগত বৰ মাগিবলৈ যোৱা কথাও মূলত নাই। এইবোৰ সম্পুৰ্ণভাৱে মৌলিক আৰু কবিৰ নিজা সৃষ্টি। এই সামান্য উদ্ভাৱনাৰ অসামান্য জেউতিৰ অলপ ভাবিলেই তত পোৱা যাব। ইয়াৰপৰা কাব্যৰ স্বাভাৱিকতা বাঢ়িছে। উষাই ইচ্ছামতে চলা ফুৰা কৰিব পাৰিলে সপোনত স্বামী পোৱা কথা বৰ মনমোহা নহ'লহেঁতেন। অনৱৰুদ্ধা ছোৱালীয়ে কাৰবাক ক'ৰবাত দেখি ভাল বেয়া সপোন দেখিলেও দেখিব পাৰে; বতাহ সোমাব নোৱাৰা ফুলৰ পাকৰিত যে ক’ৰপৰা পৰুৱা আহি পৰে, সেইটোহে বৰ বিস্ময়কৰ।

 মূলত আছে যে, এদিন হৰ-পাৰ্বতীয়ে জল-খেলা কৰি থাকোঁতে তেওঁলোকৰ ক্ৰীড়া দেখি উষাদেৱীৰ মন কাম-বিদ্ধ হয় আৰু দেৱীয়ে মনৰ ভাব বুজি ওপৰত কোৱাৰ দৰে উষাক বৰ দিয়ে। মূলত আকৌ আছে যে, বৰ পোৱাৰ পিছতে উষাৰ কাম-মোহ উপস্থিত হয়। “নিদ্ৰাং ন ভজতে ৰাত্ৰৌ ন দিৱা ভোজনং তথা। সা ৱালা মোহিতা ৰাজন্ কামেন পৰিপীড়িতা।” ক্ৰমে পীড়া গুৰুতৰ হ’লত বেজ মাতিব লগাত পৰিল। বেজসকলে ছল কৰি কৈ গ’ল যে, অতিশয় সুন্দৰী বুলি লোকৰ চকু লাগিছে, ৰক্ষা-মন্ত্ৰ পাঠ কৰিলে ভাল হ’ব। চতুৰ বেজে কিন্তু ইকাণে-সিকাণে কৈ গ’ল যে, পীড়া কাম-সম্ভূতা। মূলত থাকিলেও কাব্যৰ অঙ্গ স্বৰূপে গ্ৰন্থস্থ কোনো ঘটনাৰ লগত ইয়াৰ সম্বন্ধ নাই বুলি কবিয়ে ইয়াকো বাদ দিছে। অসমীয়া কাব্যৰ উষা আজলী কিশোৰী। স্বামী-লাভৰ আগতে মদন-পীড়িতা হ’লে “অনাঘ্ৰাত কুসুম”ৰ কোমল লাবণ্য- ভাব কমে।