যতনেৰে তেওঁক অন্তেষপুৰত ৰোধ কৰি থ’লে। মন্ত্ৰী কুভাণ্ডৰ
চতুৰ কন্যা চিত্ৰলেখা উষাৰ প্ৰধান সখী স্বৰূপে তেওঁৰ লগতে
অন্তেষপুৰত থাকিল।
চিত্ৰলেখা সুন্দৰী পঢ়ান্ত কাব্য-কোষ।
খনো পাশা খেলি কৰে হৃদয় সন্তোষ।
এদিন অৱৰোধ-যন্ত্ৰণা সহিব নোৱাৰি দুয়ো পৰামৰ্শ কৰি হৰ- গৌৰীৰ মন্দিৰলৈ বৰ মাগিবলৈ চোৰাংকৈ ওলাই গ’ল। গৌৰীয়ে ঊষাৰ মনৰ ভাব বুজি বৰ দিলে।
বৈশাখ মাসত আসি তিথি শুক্লা দোৱাদশী
সেহিদিনা দেখিবা সপন।
সুন্দৰ পুৰুষে আসি আলিঙ্গিবে হাসি হাসি
তোৰ স্বামী হৈবে সেহিজন॥
চিত্ৰলেখায়ো শিৱক স্তুতি কৰি বৰ ল’লে—
সুৰাসুৰ নৰ যত আছে চৈধ্য ভুবনত
ৰূপ-গুণ জানিবো সবাৰ।
চিত্ৰতে লিখিবো যত বৰ্ণ-ভেদ স্বৰূপত
যতেক ব্ৰহ্মাণ্ড চৰাচৰ॥
দেৱীৰ বৰ অনুসাৰে নিৰ্দিষ্ট সময়ত সপোনত অজানা পুৰুষৰ লগত মিলন হ’লত উষা চমক খাই কান্দি উঠিল।
ইপিনে বাণ ৰজা এদিন স্নান-তৰ্পণ কৰি শিৱত বৰ মাগিবলৈ গ’ল। মহাবীৰ বাণৰ হেজাৰ বাহু, কিন্তু যুদ্ধত সদৃশ বীৰ নাই। তেওঁ বৰ মাগিলে যেন মহাদেৱৰ নিচিনা প্ৰবল পুৰুষক প্ৰতিদ্বন্দ্বী স্বৰূপে পায়। মহাদেৱে হাঁহি মাৰি ক’লে—“তোৰ মৈৰাধ্বজ যেতিয়াই ভাগি পৰি থাকিব, তেতিয়াই যুদ্ধ সমাগত বুলি ভাবিবি।” উষাৰ সপোনৰ পিছতেই মৈৰাধ্বজ খহি পৰিল আৰু ৰাজ্যত ৰণ লাগিব বুলি হুলস্থুল লাগিল।
বাণ ৰজাৰ সদৃশ-বীৰ-কামনা আৰু উষাৰ সপোনত স্বামী লাভ —এই দুডাল সূতাৰে গোটেই কাব্যখন গ্ৰথিত হৈছে। এইখিনিও