পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুমৰ হৰণ

 কুমৰ-হৰণ কাব্য চন্দ্ৰভাৰতী-চিত। তেওঁৰ আন আন নামৰ ভিতৰত অনন্ত কন্দলি আৰু ভাগৱত ভট্টাচাৰ্য, এই দুইটিয়েই প্ৰধান। এওঁ শঙ্কৰৰ সমসাময়িক আৰু বৰ শঙ্কৰ-ভক্ত আছিল। অসমীয়া দশমৰ আদিছোৱা নিজে ভাঙি মৰম কৰি শেহছোৱা শঙ্কৰদেৱে এওঁক ভাঙিবলৈ দিছিল। এওঁ নিজে লিখা সকলো কিতাপতে শঙ্কৰদেৱৰ গৰিমা কীৰ্তন কৰি গৈছে। কবিত্ব শক্তিত এওঁক শঙ্কৰদেৱতকৈ কম বুলিব নোৱাৰি। পুৰণি সাহিত্যত শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি আৰু ৰাম-সৰস্বতী, এই কেইজনেই প্ৰথম খাপৰ কবি। এওঁলোকৰ কবিতাত উদাৰ প্ৰভা এটি আছে।

 কুমৰ-হৰণ কাব্যৰ মূল দশম ভাগৱত আৰু হৰিবংশ। ভাৰতীয়ে দশমৰ শেহছোৱা ভাঙোতে এই আখ্যানটো এবাৰ অনুবাদ কৰি থৈ গৈছে। কুমৰ-হৰণ নাম দি বেলেগ কাব্যৰ আকাৰে আকৌ তাকেই ৰচনা কৰি উলিয়াইছে। দুইখনেই ভাৰতী-ভণিত। একে আখ্যানকে দুবাৰ দুইভাৱে লিখিলে কিয়? কুমৰ-হৰণ আখ্যান এনে মনোৰম যে, দশম ভাগৱতৰ লগত সংক্ষেপে ভাঙি কবিয়ে সন্তুষ্ট নহৈ বহলাই লিখিবৰ মনেৰে বেলেগ কাব্য ৰচনা কৰে। কিন্তু এইটো চাবলগীয়া যে অসমীয়া দশমৰ ভিতৰুৱা কুমৰ হৰণত হৰিবংশৰ কথা ভালেখিনি সোমাইছে, আৰু কাব্য কুমৰ-হৰণৰ মূল হৰিবংশ বুলিলেই হয়। এতেকে কুমৰ-হৰণ ৰচনা কৰাৰ পিছতহে দশম ৰচনা কৰা যেন লাগে। আৰু কুমৰ-হৰণ কাব্যৰ ভালেমান নতুন কথা দশমত অলক্ষিতভাৱে সোমাই গৈছে। লিখাৰ প্ৰণালীৰ কুমৰ-হৰণ আগেয়ে লিখা যেন লাগে। ইয়াৰ পদবোৰত নৱীন কবিৰ প্ৰাচুৰ্য আৰু আড়ম্বৰ পৰিলক্ষিত হয়। দশমৰ পদবোৰ সংযত আৰু গহীন ধৰণৰ।