পাছি য়ুছ যিবোৰ সেনা আধা মৰা আধা জীয়া অৱস্থাত আছিল, সিহঁতেও যুঁজত পৰাজয় মানি পাৰ্ছিয়ুছৰ গুৰিত আত্ম-সমৰ্পণ কৰিলে । পাৰ্ছিয়ুছৰ এনে যুদ্ধ-কৌশল দেখি চিফিয়াছৰ গোটেইবোৰ প্ৰজাই জয়ধ্বনিৰে দশোদিশ মুখৰিত কৰি তুলিলে । —এঘাৰ— যথাসময়ত এন্ড্রোমিডাক লগত লৈ আহি পাৰ্ছিয়ুছে ঘৰ পালেহি । ইমান দিনৰ মূৰত মাক-পুতেকৰ দেখা-দেখি হোৱাত এক অভিনৱ আনন্দই খেলা কৰিলে । পুতেক পাৰ্ছিয়ছে মেডুছাক হত্যা কৰি উলটি আহোতে বাটত কেনেকৈ এণ্ড্রোমিডাক লাভ কৰিলে, এই সকলোবোৰ কথা ভাঙিপাতি কোৱাত এনে এগৰাকী ৰূপে-গুণে লক্ষ্মী-স্বৰূপ৷ বোৱাৰী পাই মাকে নথৈ আনন্দ উপভোগ কৰিলে। মাকেও কথা প্ৰসঙ্গত পুতেকৰ অনুপস্থিতিত দুষ্ট পলিডেক্টিছৰ পৰা কিমান নিৰ্য্যাতন সহিব লগা হৈছিল,— কেনেকৈ অতি কষ্টেৰে এই সুদীৰ্ঘ কাল অতিবাহিত কৰিছে, এই বোৰ কবলৈ ধৰিলে। বৰীৰ পুতেকে মাকৰ মুখৰ পৰা ৰজা পলিডেক্টিছৰ কু-অভিপ্ৰায় আৰু উদ্ভণ্ডালিৰ কথা শুনি অতিশয় বেজাৰ পালে আৰু সেইবাবে অনতিপলমে তাৰ প্ৰতিশোধৰ কাৰণে প্ৰতিজ্ঞা কৰিলে । —বাৰ— লাহে লাহে পাৰ্ছিয়ুছৰ প্ৰত্যাগমনৰ কথা ৰাষ্ট্ৰ হৈ পৰাত এদিন ৰজা পলিডেক্টিছে তেওঁক মতাই নিয়ালে ।
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২৬
অৱয়ব