১৬ পাছি' ছ আহিব।” মঙ্গলতিৰ এনে কথা শুনি আটাইৰে মুখ-মণ্ডল বিষাদে ঢাকি পেলালে। সাধাৰণ কথ৷ একেষাৰৰ পৰাই এনে এটা কাণ্ড ঘটি উঠা দেখি দুঃখ আৰু বেজাৰত সেই- দিনাৰে পৱা ৰজা ৰাণীয়ে আহাৰ-নিদ্ৰা পৰিত্যাগ কৰিলে । অৱশেষত ‘দেশৰ স্বার্থ ই সকলোতকৈ ডাঙ্গৰ' ইয়াকে থিৰাং কৰি হতভগীয়া ৰজা-ৰাণী আৰু আন আন শোকাকুল প্ৰজাবৰ্গৰে সৈতে কুঁৱৰী এণ্ড্রোমিডাক সাগৰৰ পাৰত থকা সৰু টিলা এটাৰ ওপৰলৈ অনা হল । তাৰ পিচত এণ্ডো- মিডাক খুটা এটাত নিকপ-কপীয়াকৈ শিকলিৰে বান্ধি থৈ অজগৰটোৱে নো কেনেকৈ খাবহি তাকে আটাইবোৰ প্ৰজাই বেৰিকুৰি বেজাৰ মনেৰে চাই থাকিল। ইতিমধ্যে আঁতৰত সাগৰৰ ওপৰেদি ঢৌ তল-ওপৰ কৰি এটা প্ৰক৷ণ্ড জন্তুৱে নাকেৰে ভীষণ তর্জন-গৰ্জ্জন কৰি অহা যেন দেখা পালে ৷ এনেতে ভীষণ মূৰ্ত্তিৰ অজগৰটো আহি সাগৰৰ পাৰ পোৱাত আটায়ে ভয়ত চিঞৰিবলৈ ধৰিলে । ৰজা-ৰাণী অচেতন হৈ পৰিল । ঠিক এনে সময়তে পাৰ্ছিয়ুছে মেডুছাৰ মূৰটো লৈ ওপৰেদি উৰি আহিছিল। এই দৰে উৰি আহোতে তলৰ এই কৰুণ দৃশ্যটোৰ প্ৰতিবিম্বটো ঢালৰ ওপৰত দেখা পাই ততালিকে তেওঁ তললৈ নামি আহিল আৰু অজগৰটোৱে এণ্ডোমিডাক গ্ৰাস কৰিবলৈ নৌ পাওতেই ঠিক এনে সময়তে তাক আক্ৰমণ কৰিলে । চাওঁতে চাওঁতে পাৰ্ছিয়ুছ আৰু অজ-
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২২
অৱয়ব