পৃষ্ঠা:পাঠ-মালা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । বিলাকৰ উপকাৰৰ চেষ্টা মাথোন কৰে। মৌ-গুটিবিলাকে ফুলৰপৰ৷ যি মৌ আনে, তাক গিলি জীৰ্ণ কৰে ; পাচে পেটৰ পৰা উলিয়াই তাৰ দ্বাৰ৷ বাহ সাজে। কাম কৰিবলৈ আৰম্ভ কৰোতেই সিহঁত চাৰি জাক হয়। এজাকে বাহৰ নিমিত্তে হজ-গড় বিচাৰি ফুৰে, আন এজাকে বাহৰ তলভাগ আৰু খোঁটালীবিলাক সাজে তৃতীয় জাকে সেইবোৰৰ ভিতৰফাল পৰিস্কৃত আৰু মিহি কৰে; আৰু চতুর্থ জাকে কামকৰোঁতা- বিলাকলৈ আহাৰ বিচাৰি আনে ৷ এই সময়ত মৌ-গুটিবিলাকে সিহঁতৰ কাম প্রায়ে সলায়, অর্থাৎ যিবিলাকে ঘৰত কাম কৰে, সেইবিলাক বাহিৰলৈ যায়, আৰু আহাৰাদি বিচাৰি ফুৰোঁতা বিলাক ঘৰৰ কামত নিযুক্ত হয়। ইঙ্গিতৰ দ্বাৰা এটা মৌ-গুটিৰ মনৰ ভাব আনটোৱে বুজে ; কোনো এটাৰ ভোক লাগিলে যাৰপৰা সি আহাৰ পাব পাৰে, তাৰ ফাললৈ জিভা মেলে তাতে সিটোৱে তাৰ মৌ জোলোঙ্গাৰপৰ৷ টোপাচাৰেক মৌ তাৰ মুখত পেলাই দিয়ে, তাৰেই তাৰ ভোক গুচে। সিহঁতে ইমান পৰিশ্ৰম কৰে যে, একে দিনৰ ভিতৰতে তিনি হেজাৰমান খোঁটালীথক৷ বাহ এটা সাজি এটায়৷ খোঁটালীবিলাক ছ-চুকীয়া, গাত-গা-লগা ; আৰু আটাইবোৰ ঠিক এনে সমান। মৌ- গুটিবিলাকক, বাহত কাম কৰি থাকোঁতে, পোনেই দেখিলে আটাইবোৰে ওপৰাউপৰি হৈ হুলস্থূল কৰি থকা যেন হে বোধ হয়। কিন্তু ভালকৈ গমি চালে দেখা যায় যে প্রত্যেক মাখি একোটা নির্দিষ্ট কামত নিযুক্ত আছে, আৰু বৰ পৰিশ্ৰমেৰে সেই কাম কৰিব লাগিছে।