পৃষ্ঠা:পাঠ-মালা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঠি-মালা । তিমিয়ে মুখেৰে মাতিব নোৱাৰে কিন্তু তাৰ মূৰত থকা নিশ্বাসৰ ৰন্ধৰ দ্বাৰ৷ বৰ উচ্চ শব্দ কৰে, আৰু সেই বিন্ধাৰপৰা বায়ু উলিয়াই বহুত ওপৰলৈকে পানী মাৰী পঠিয়ায় ৷ সেই পানী দূৰৰপৰ৷ ধোঁৱা যেন দেখা যায় ৷ তিমিক কেৱে নোজো- কালে সি দুই মিনিট-মান পানীৰ ওপৰত দৰক্‌লৈ থাকে, আৰু ন বাৰ-মান উশাহ লয় ; পাচে পানীৰ তললৈ গৈ এনেই হলে দহ মিনিট মান, আৰু আহাৰ বিচাৰিব লাগিলে প্রায় কুি মিনিট থাকি আকৌ ওপৰলৈ উঠে। সাধাৰণৰূপে হলে তিমি পানীৰ বহুত তললৈ নাযায় কিন্তু মাছমৰীয়াই ওভোতা কোলেৰে খোঁচ লগালে প্রায় আধা ক্ৰোশ-মান তললৈ নামে। সি পানীৰ ওপৰৰপৰা তললৈ যাওঁতে প্ৰথমতে মূৰটো দাঙ্গে, পাচে বুৰ মাৰি পিঠিখন ওখ কৰে, আৰু নেজ ডাল ওপৰলৈ তুলি একেবাৰে নেদেখা হয়। তিমিয়ে আহাৰ বিচাৱেঁাঁতে পানীৰ তলত মুখ মেলি বৰ বেগেৰে সাঁতৰি যায়, তাতে তাৰ সেই বহল মুখত সোঁতৰ পানী সোমায়, আৰু তাৰ লগত অনেক মাছ আৰু সাগৰৰ আন ক্ষুদ্র জন্তুও ভিতৰলৈ যায় । পাচে পানীবিলাক দুই কোৱাৰিয়ে দি ওলাই পৰে ; কিন্তু সেই তিমিৰ যিমান প্রবল, আন কোনো জন্তুৰ সিমান দেখা নেয়ায়। কেনো এক সময়ত কিছুমান মাছ-মৰীয়াই মতা-মাইকী এহাল তিমিৰ এটাক আঘাত কৰাত সেই পীড়া-পোৱা তিমিটোৰে তাৰ নেজৰ একেটা কোবে- ৰেই তিনট৷ মানুহ থক৷ এখন নাও নাৱৰীয়৷-বিলাকে?ৰ সৈতে সাগৰৰ গৰ্ভলৈ পঠালে। পাচে আন এখন নাৱে খেদি আহি তাক আঘাত কৰাত সি প্ৰাণ এৰি পানীৰ ওপৰত ঢেলওপঙ্গা