পৃষ্ঠা:পাঠ-মালা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। বেঁকা আৰু ৰৰ চোকা। ইওৰোপত গোল্ডেন ইগল ( সোণৰ উকহ ) নামেৰে যি এবিধ উকহ আছে, সি আন সকলে৷ বিধৰ উকহতকৈ ডাঙ্গৰ, আৰু ভয়ানক। কিন্তু আমাৰ দেশৰ উকহ সিমান ডাঙ্গৰ আৰু হিংসক নহয়। এতেকে আমি ইয়াত ঘাইকৈ ইওৰোপৰ উকহৰ কথাকেহে লিখিম। উকহ প্রায়ে পৰ্ব্বত বা নির্জন হাবিত থাকে, আৰু বৰ ওখ গছ বা পৰ্ব্বতৰ টিঙ্গত বাহ লয়। সি নির্জ্জন ঠাইত থাকি বনৰীয়া জন্তু ধৰি খাবলৈ ভাল পায়, কিন্তু অনেক সময়ত গাৱঁলৈ আহে, আৰু অকলৈ থকা কেঁচুৱা লৰা পালে থাপ মাৰি লৈ যায়। চাৰি-ঠেঙ্গিয়া জন্তুৰ ভিতৰত সিংহ যেনে, চৰাইৰ ভিতৰত উকহ তেনে ৷ এতেকে তাক পক্ষীৰ ৰজা বুলিব পৰা যায়। উকহে আপুনি যি জন্তু ধৰে, তাকে হে মাথোন খায় ; তাৰ যিমানকে ভোক লাগোক, আনে মৰা জন্তু বা শৱ সি কেতিয়াও নোছোৱে৷ তাৰ আহাৰৰ যি অৱশেষ থাকে, সি তাক নেখায়। সকলে৷ চৰাইতকৈ, উকহ অধিক ওখলৈ উৰে ৷ দৃষ্টিও বৰ চোকা; কিন্তু ঘ্রাণ-শক্তি যদিও তীক্ষ্ণ, তথাপি শগুনৰ সমান নহয়৷ সি তাৰ চোকা নখেৰে অনায়াসে ৰাজ-হাঁহ আৰু বগলী চৰাই ধৰি লৈ যাব পাৰে, আৰু প্ৰায়ে মেৰ- ছাগলীৰ পোৱালী আৰু শহা-পহু ধৰি লৈ উৰি যায়, আৰু কেতিয়া-কেতিয়াবা পহু-পোৱালি আৰু দামুৰিকে৷ মাৰি তেজ পিয়ে। উকহৰ যেতিয়া পোহালি জগে, তেতিয়া সি অতি ভয়ঙ্কৰ হয়। সেই সময়ত তাৰ মতা আৰু মাইকী, দুয়ো „ 3333333333