পৃষ্ঠা:পাঠ-মালা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ফুটেবে শোভিত, এই কাৰণেই তাৰ নাম নাহৰফুটুকী হৈছে। তাৰ পেটৰ আৰু বুকুৰ গাৰ নোম আন-আন ভাগৰ নোমতকৈ কিছু দীঘল আৰু বগা। সি মাংসাহাৰী, এতেকে তাৰ স্বভাৱ উগ্ৰ ; আৰু সি মানুহ, গৰু দুইকো নষ্ট কৰে। নাহৰফুটুকী-বাঘ আফ্ৰিকা আৰু ভাৰতবৰ্ষত থাকে, আৰু আন ঠাইতো তাক পোৱা যায়। আফ্ৰিকাৰ নাহৰফুটুকী- বিলাক বৰ ভয়ানক ; সিহঁতে বনৰীয়া জন্তু ধৰিবলৈ নেপালে জাক পাতি হাবিৰ পৰা গাৱঁৰ ওচৰলৈ আহে, আৰু মেষ-ছাগ- গৰু আদিৰ সৰ্ব্বনাশ কৰে ৷ কাফ্রিবিলাকে খাল খানি নাহৰফুটুকী বাঘ ধৰে, আৰু তাৰ মঙ্গহ খায় ৷ এই দেশৰ মানুহে হলে আপোনাৰ মঙ্গহ নাহৰফুটুকীক শোধাইয়েই সন্তোষ পায় ৷ পক্ষিজাতি। (The Feathered race.) ৮ পাঠ। উকহ ( A kind of Eagle ) কৈহ কুৰুৱ| জাতিৰ চৰাই, কিন্তু কুৰুৱাতকৈ ডাঙ্গৰ আৰু হিংসক৷ এই চৰাইৰ গাৰ ভাৰ প্ৰায় ছ সেৰ। সি দীঘলে দুহাত, তাৰ এখন ডেউকাৰ মূৰৰ পৰা সিখন ডেউকাৰ মূৰলৈ কিছু অধিক চাৰি হাত ; ঠোঁট তিনি আঙ্গুলমান দীঘল,