পৃষ্ঠা:পাঠ-মালা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা ৷ তদ্দ্বাৰায়ে তাৰ ৰক্ষা হয়। সি তাৰ শলাবিলাক থিয় কৰিলে সিংহেও তালৈ সাহ কৰিব নোৱাৰে। কেঁটেল৷ আৰু সাপৰ মাজত বৰ বৈৰ ভাৱ দেখা যায়। সিহঁতৰ দেখা দেখি হলেই যুঁজ নহৈ নেথাকে। সাপে আক্ৰমণ কৰিলে কেঁটেলাই শলাবিলাক থিয় কৰি তাৰ ওপৰত বাগৰ দিয়ে, তাতে মহাবিষ সাপ অকল পৰাস্ত হয় ; এনে নহয়, সি প্রাণকো হেৰুৱায়৷ এইবিধ জন্তুৰে ঘাঁহ খায়, আৰু শস্যৰ বৰ হানি কৰে ৷ সিহঁত ভয়াতুৰ, মানুহৰ নিচিনা প্ৰবল শত্ৰুৱে আক্ৰমিলে বেগাই লৰ মাৰি গছত উঠে। কিন্তু পহুমৰীয়াবিলাকৰ হাতৰ পৰ! ৰক্ষ৷ পোৱা অসম্ভৱ৷ সিহঁতে এই জন্তুৰ মঙ্গহ খায়, আৰু কাঁইটবিলাক শিল্প-কৰ্ম্মত লগায় ৷ ৭ পাঠ। নাহৰফুটুকী বাঘ ( The Leopard. ) এক ভয়ানক জন্তু। তাক আসামৰ প্ৰায় সকলো মানুহে দেখিছে, আৰু তাৰপৰ৷ ভয়ো পাইছে। এটা সামান্য নাহৰ- ফুটুকীৰ গাৰ পৰিমাণ নাকৰপৰা নেজৰ গুৰিলৈ আঢ়ৈ হাততকৈ অধিক ; তাৰ নেজ দুহাতৰ কিছু কম। এই জন্তু যদিও হিংসক, তথাপি তাৰ শৰীৰটো এনে সুন্দৰ যে, তাক দেখিলে এটা নিৰীহ জন্তু যেন বোধ হয়। তাৰ গাৰ ওপৰৰ ভাগ অলপ হালধীয়া আৰু প্ৰায় নাহৰ-ফুলৰ আকৃতিৰ বহুত