গৰাকীৰ প্ৰতি যে প্ৰগাঢ় ভক্তি দেখায়, সেয়ে সি উপকাৰ মনত ৰাখিব পৰাৰ চিন ৷ আৰু কোনো এক সময়ত দিল্লী নগৰত বাটে দি এটা হাতী লৈ যাওঁতে সি এখন দৰ্জীৰ দোকানত তাৰ শুঁড় সুমোৱাত দৰ্জীয়ে বেজীৰে তাৰ শুঁড়ত খোঁচ মাৰি দিলে, তাতে দুখ পাই হাতী পাচ হুঁহকি গল। পাচত হাতীটো উলটি সেই বাটে যাওঁতে তাৰ শুঁড়ৰ কিছুমান বোকা পানী সেই দৰ্জীৰ গালৈ এনেকৈ মাৰি দিলে যে, তাৰ গোটেই গা আৰু সিয়া কাপোৰ একেবাৰেই বোকাৰে লিপ্ত হল। এতেকে ইও এটা তাৰ মনত ৰখা প্ৰতিহিংসাৰ প্ৰমাণ নহয় নে ?
⸻
২ পাঠ।
জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি
(সমাপ্ত)।
প্ৰত্যেক জাতিৰ জন্তুবিলাকৰ গাৰ গঠন সেই জাতিৰ স্বভাৱৰ সম্পূৰ্ণ উপযোগী। হাতী ঘাঁহ-খোৱা জন্তু, কিন্তু সি বৰ ওখ আৰু তাৰ ডিঙ্গি নিচেই চুটি হোৱাত অন্য জন্তুৰ দৰে সি ঘাঁহত মুখ দিব নোৱাৰি আহাৰ কৰাত বৰ কষ্ট পালেহেঁতেন, এই কাৰণে সি অনায়াসে মুখলৈ আহাৰ নিবৰ কাৰণে মানুহৰ হাতৰ নিচিনা শুঁড় পাইছে ৷ উতনুৱা নামেৰে এন্দুৰৰ নিচিনা যে এবিধ জন্তু আছে, সি সদায় মাটিৰ তলত থাকে। সেই ঠাই আন্ধাৰ, তাতে চকুৰ একো সকাম নাই, এই কাৰণে তাৰ চকু