পৃষ্ঠা:পাঠ-মালা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । গৰাকীৰ প্ৰতি যে প্রগাঢ় ভক্তি দেখায়, সেয়ে সি উপকাৰ মনত ৰাখিব পৰাৰ চিন৷ আৰু কোনো এক সময়ত দিল্লী নগৰত বাটে দি এটা হাতী লৈ যাওঁতে সি এখন দৰ্জীৰ দোকানত তাৰ শুঁড় সুমোৱাত দৰ্জীয়ে বেজীৰে তাৰ শুঁড়ত খোঁচ মাৰি দিলে, তাতে দুখ পাই হাতী পাচ হুঁহকি গল ৷ পাচত হাতীটো উলটি সেই বাটে যাওঁতে তাৰ শুঁড়ৰ কিছুমান বোকা পানী সেই দৰ্জীৰ গালৈ এনেকৈ মাৰি দিলে যে, তাৰ গোটেই গা আৰু সিয়া কাপোৰ একেবাৰেই বোকাৰে লিপ্ত হল । এতেকে ইও এটা তাৰ মনত ৰখা প্রতিহিংসাৰ প্রমাণ নহয় নে? 82 ২ পাঠ। জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি (সমাপ্ত)। জাতিৰ 9 প্ৰত্যেক জাতিৰ জন্তুবিলাকৰ গাৰ গঠন সেই স্বভাৱৰ সম্পূর্ণ উপযোগী। হাতী ঘাঁহ-খোৱা জন্তু, কিন্তু সি বৰ ওখ আৰু তাৰ ডিঙ্গি নিচেই চুটি হোৱাত অন্য জন্তুৰ দৰে সি ঘাঁহত মুখ দিব নোৱাবি আহাৰ কৰাত বৰ কষ্ট পালেহেঁতেন, এই কাৰণে সি অনায়াসে মুখলৈ আহাৰ নিবৰ কাৰণে মানুহৰ হাতৰ নিচিনা শুঁড় পাইছে৷ উতনুৱ৷ নামেৰে এন্দুৰৰ নিচিনা যে এবিধ জন্তু আছে, সি সদায় মাটিৰ তলত থাকে। সেই ঠাই আন্ধাৰ, তাতে চকুৰ একো সকাম নাই, এই কাৰণে তাৰ চকু