পৃষ্ঠা:পাঠ-মালা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । কোৱা নহয়। উটৰ ঘাই ঠাই আৰব দেশ, সেই দেশৰ সৰহ ভাগ বালিময়, তাতে মুঠেই পানী নাই ; এই কারণে সেই ঠাইত ফুৰোঁতে উটে কেতিয়াবা কেইবা দিনো পানী নেপায়, এতেকে সি যি ফাললৈ যায়, সেই ফালৰ কোনো পৰ্ব্বতৰ নিজৰাত পানী থাকিলে সি বহুত দূৰতে তাৰ গন্ধ পাই তাৰ ফাললৈ বেগ দিয়ে, আৰু পানী পালে ভৰিৰে ঘোদালি বোকা কৰি খায় । তাৰে কিছুমান তাৰ পেটত থক৷ জোলোঙ্গাত সুমাই থয়। উটে জানে যে, তাৰ পাচত কেই দিনৰ মূৰত সি আকও পানী পাব, তাৰ নিশ্চয় নাই; এতেকে বোকা কৰি নেখালে শুদা পানী অতি শীঘ্ৰে ঘাম- আদি হৈ ওলাই যাব, আৰু পিয়াহত তাৰ কষ্ট হব। এই দৰে পানীৰ গোন্ধ পোৱা শক্তি নথকা হলে আৰবৰ বালিত উটৰ প্ৰাণ ৰখাই টান হলহেঁতেন। ইওৰোপৰ হাবিত পহুমৰীয়৷ কুকুৰ অহাৰ গম পালে, মাইকী শহাই তাইৰ যত পোৱালী থাকে, তাৰ অলপ আঁতৰত দেখা দিয়েগৈ ; তাতে কুকুৰে তাইলৈ খেদি গলে তাই বৰ টেঙ্গৰালিৰে ঘূৰি ঘূৰি লৰ দিয়ে, কুকুৰে কোনো প্রকাৰে তাইৰ লগ ধৰিব নোৱাৰে পাচত চল পালেই তাই এডোখৰ হাবিৰপৰ৷ আন এডোখৰলৈ এনে বেগেৰে জাঁপ মাৰে যে কুকুৰে তত ধৰিবই নোৱাৰে, আৰু গন্ধো হেৰায় ৷ তাৰ দ্বাৰা শহাৰ আপোনাৰ আৰু পোৱালিৰে৷ ৰক্ষ৷ হয়। কোনো কোনো জন্তুৱে উপকাৰ আৰু হিংস৷ মনত ৰাখিব পৰাৰে৷ প্ৰমাণ পোৱা যায়। কুকুৰে তাৰ উপকাৰী আৰু 8)