পৃষ্ঠা:পাঠ-মালা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ পাঠ। অঙ্গ-পৰিচালন| (Physical Exercise.) 17,607/14 যাৰ গা নিৰ্ব্বল আৰু ৰুগীয়৷ তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে ; এতেকে শৰীৰ যেন সবল আৰু নিৰোগী হয়, এইটো সকলোৰে বাঞ্ছা; কিন্তু কি প্ৰকাৰে সেয়ে হব পাৰে, আমাৰ দেশৰ সৰহ ভাগ মানুহে তাক গমি নেচায়, আৰু নেজানে ৷ শৰীৰ বলিষ্ঠ কৰিবৰ ঘাই উপায় শাৰীৰিক পৰিশ্ৰম। সেই পৰিশ্ৰম নকৰা মানুহৰ গা আটিল নহয়, কেঁচা কুমাৱ-মাটিৰ দৰে কোমল । যি বস্তু, আটিল নহয় সি কেওিয়াও বলৱান্ হব নোৱাৰে ৷ কোমল বস্তু যে বলৱান্ নহয়, তাৰ দৃষ্টান্ত দেখাওঁতে লৰা আৰু বয়সীয়৷ মানুহৰ তুলনা দিলেই হয় ৷ বয়সীয়া মানুহতকৈ লৰাৰ গা কোমল, এতেকে ডেকাতকৈ লৰ৷ নিৰ্ব্বল । , ৰলৱান্ মানুহ উৎসাহী আৰু সাহিয়াল হয়, আৰু বৰ পৰিশ্ৰমৰ কামে৷ অনায়াসে কৰিব পাৰে। নির্বৰ্বল মানুহ এলেহুৱা, ভয়াতুৰ ; আৰু অলপ পৰিশ্ৰম হোৱা এটা কাম কৰিলেই শ্ৰান্ত হয় বা কৰিবই নোৱাৰে। দুৰ্ব্বল মানুহক ৰোগেও অতি শীঘ্ৰে পীড়ে। আটিল গাবে বলৱন্ত মানুহক নৰিয়াই সিমান কষ্ট দিৱ নোৱাৰে। এই কাৰণেই আপোনাৰ শৰীৰ দৃঢ় আৰু বলিষ্ঠ কৰা উচিত; তাকে কৰিব লাগিলে নিতৌ উত্তমৰূপে অঙ্গ বিলাকক পৰিচালনা কৰিব লাগে। হাত ভৰি আৰু গা এই বিলাকক চলাই থাকিলে সিহঁত আট মাৰে, 0/5176525