সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদাহৰণ । সপ্তম অধ্যায়। 13346411 মিশ্র যোগ বা তেজি। প্রথম পাঠ । ১ জন মানুহে ৭॥/ অনাৰ মাটি মাহ, ৮/ অনাৰ পিয়াজ আৰু ৪)/ অনাৰ আলু কিনিলে । তেওঁৰ মুঠতে কিমান খৰচ হল ? 911d ৮) উত্তৰ । 8 অমিশ্র যোগ কৰোত্তে আমি একৰ ঘৰৰ পৰা আৰম্ভ কৰি ক্ৰমে দশক শতকৰ ঘৰলৈ ( সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যালৈ ) যোগ কৰিছিলোঁ। ইয়াতো আমি সৰু শ্ৰেণীৰ সংখ্যাৰ পৰা আৰম্ভ কৰি ক্ৰমে ভাঙৰলৈ যোগ কৰি যাম । অমিশ্র যোগত সংখ্যা বোৰ ক্ৰমে বাওঁ হাগুলৈ ১০ গুণ কৈ বাঢ়িছিল, কিন্তু ইয়াত তেনেকুৱা এটা নিৰ্দিষ্ট নিয়মত নেবাতে । এই যোগ অঙ্কটিত তিনি শ্ৰেণীৰ সংখ্যা আছে। যেনেঃ — টকা, চোক আৰু পোন। এতিয়া পোনৰ পৰা আৰম্ভ কৰা যাওক। দুপোণ, এপোণ আৰু তিনিপোন গোট খাই ৬ ছয় গোণ হয় । ছপোণে এক চৌক আৰু দুপোন—আঁকব তলত / দুই পোণ বহুৱাই এ চোক হাতত লোৱা । হাতৰ এচোক আৰু এচোকে দুচোক, দুই চোকে দুই চোকে চাৰি চোক, চাৰি চোকে আৰু দুচোকে ছয় চোক, ছয় চোকে এ টক, আৰু দুচোক । দুই চোকক আঁকৰ তলত বহুৱাই এটকা হাতত লোৱা । হাতৰ এটকা আৰু ৪ টকাই ৫ টকা পাঁচ টক!,' পাঁচ টকা আৰু আঠ টুকাই তেৰ টকা, তেৰ টকা আৰু সাত টকাই বিশ টকা । এতেকে ২০ টকা দুচোক আৰু দুপোন উত্তৰ থিৰ হল। এনেকুৱা একে জাতিৰ কেইব| শ্ৰেণীৰ সংখ্যাৰ যোগকে মিশ্র যোগ বোলে ।