সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
বস্তুৰ অংশ ।


তৃতীয় পাঠ।

[ দেশীমতে বস্তুৰ লেখ ]

 দৈনিক ব্যৱহাৰত আহি থকা কড়ি, মাৰ্ব্বল, আম, তামোল ইত্যাদি বস্তুৰ লেখ তলত দিয়া নিয়মে কৰিব পাৰি :-

 ৪ কড়াত বা ৪ টাত........গণ্ডা বা অঁৰা ৻১

 ৫ গণ্ডাত...........১ বুড়ি বা কুড়ি ৻৫

 ২০ গণ্ডাত ................ ১ পোণ ৴৹

 ৪ পোণে ............. ১ চৌক ৷৹

 ১৬ পৌণে বা ৪ চোকে...... ১ কাওণ ১৲

 ‘কড়া এই শব্দটো কড়িৰ পৰাই হৈছে। ইয়াৰ পৰাই বুজা যায় যে আগৰ দিনত আমাৰ দেশত কড়ি পয়চাৰ দৰে চলিছিল ৷ সাধাৰণতে ৪টা বস্তুৰে ১ অঁৰা বা গণ্ডা হয়। এতেকে ১টা বস্তু ১ অঁৰা বা ১ গণ্ডাৰ পোৱা অংশ। সেই কাৰণে একড়া বা পোৱা গণ্ডা লিখিবৰ হলে এসিকিৰ দৰে এটা থিয় আঁচ মাৰিব লাগে । আৰু ইয়াক এসিকিৰ পৰা বেলেগ কৰি দেখুৱাবৰ কাৰণে বাওঁ ফালে সোঁহাতলৈ ‘ ৻ ’ এইদৰে এটা চিন দিব লাগে । ‘ ৻ ’ এই চিনটোক আলেফ্ বোলে। যেনে :—

৻৷ একড়া বা পোৱা গণ্ডা ।

সেই দৰেই ছকড়া বা আধা গণ্ডা ৻॥

তিনি কড়া বা–পোণে এগণ্ডা ৻৸

একটা আৰু একাওণ একে। সেই কাৰণে একাওণ ১ টকাৰ দৰে ১৲ এই দৰে ১ৰ সোঁ ফালে এটা আলেফ, দি লেখা যায় ।

১ গণ্ডাক ১ টকা বা কাওণৰ পৰা বেলেগ কৰি দেখুৱাবৰ কাৰণে কড়াৰ দৰে এটা আলেফ দিলেই গণ্ডা লিখা হয়। যেনে ৻৫ পাঁচ গণ্ডা ।

১ম উদাহৰণ :—১১টা আম আৰু ১৬টা কড়িক গণ্ডাৰ আকাৰত লিখা উত্তৰ :— ৻২৸ পোণে তিনি গণ্ডা আম, ৻৪ গণ্ডা কড়ি ।