১৯ উদাহৰণ।
তলত লিখা সংখ্যাবোৰ পঢ়া— ১। ১।, ১॥, ১৸, ২।, ২॥, ২৸, ৩।, ৩॥, ৩৸;
২| ৭।, ৮॥, ৯৸, ১০।, ১১॥, ১২৸, ১৩।, ১৪॥, ১৫৸;
অঙ্কেৰে লিখা—
৩।পোণে দুই; চাৰে পাঁচ; পোণে ইঘাৰ;
৪। চাৰে পঁয়ত্ৰিশ; চোৱা একত্ৰিশ; পোণে পঞ্চাশ।
৫। চোৱা একচল্লিশ; চাৰে একাৱন্ন; পোণে এষষ্টি।
আধৰেৰে লিখা।
৬। ১৯।; ২১৸; ৩৫॥; ৩৭৸;
৭। ১॥; ২॥; ৩॥; ৭॥;৮।;
৮। (১) এটকাত ১৬ অনা হলে চোৱা টকা বুলিলে কিমান বুজাব? ডেৰ টকা বুলিলে কিমান বুজায়? আঢ়ৈ টকা বুলিলে কিমান বুজায়? চাৰে তিনি টকা বুলিলে কিমান বুজায়? পোণে পাঁচ টকা বুলিলে কিমান বুজায়?
(২) চাৰে তিনি টকা, পোণে পাঁচ টকা আৰু চোৱা ছটকাত কিমান অনা?
৯। হৰিয়ে যিমান পায় ৰামে তাৰ আধা খায়, হৰিয়ে যদি ১ সেৰ চাউলৰ ভাত খায় ৰামে কিমান খাব?
১০। তলত দিয়া ৰোৰে কি সংখ্যা বুজায় অঙ্কেৰে লিখা :—
(১) ১॥ কুৰি; আঢ়ৈশ; ৩॥ হেজাব;
(২) ২॥ হেজাৰ; পোণে এহেজাৰ; চোৱা এশ।
(৩) ১। কুৰি; ২ কুৰি; ২৸ কুৰি;
১১। এটা টোপোলাত ৪টা আম আছে। এজন মানুহে টোপোলা টোৰ পোৱা অংশ বিচাৰিলে কিমান দিবা?