পঞ্চম অধ্যায়।
অমিশ্ৰ ভাগ বা হৰণ।
প্ৰথম পাঠ।
৩৪। ভাগ বিষয়ক কেইটিমান উদাহৰণ।
১ম উদাহৰণ :— ৪০টা সুমথিৰা টেঙা ৮টা লৰাক ভগাই দিলে গাইপতি কেইটাকৈ পাব?
১ম প্ৰণালী :— ৪০টা টেঙা ৮টা লৰাক সমানে ভগাই দিলে গাইপতি ৫টাকৈ পৰিব।
২য় প্ৰণালী :—৪০ক ৮ৰে হৰণ কৰিবৰ হ’লে ৪০ৰ পৰা ৮, ৫বাৰ বিয়োগ কৰিব লাগিব। - যেনে :—৪০ৰ পৰা ৮ বাদ দিলে ৩২ থাকে, ০২ৰ পৰা ৮ গ'লে ২৪, ২৪ৰ পৰা ৮ গ'লে ১৬, আৰু ১৬ৰ পৰা ৮ গ'লে ৮ থাকে, ৮ৰ পৰা ৮ গ'লে একো নেথাকে।
৩য় প্ৰণালী :–বিয়োগৰ সহায়েৰে হৰণ নকৰি তলত দেখুৱা দৰে পূৰণৰ নেওতাৰ সহায়েৰেও হৰণ কৰিব পাৰি। যেনে, ৪০ক ৮ৰে হৰণ কৰিবৰ হ’লে চাব লাগিব ৪০ত ৮ কেইবাৰ আছে, নাইবা ৮ক কিহেৰে পূৰণ কৰিলে ৪০ হ’ব। উত্তৰ ৪০ ত ৮, ৫ বাৰ বা ৮ক ৫ৰে পূৰণ কৰিলে ৪০ হয়।
হৰণ :- এটা ৰাশিক কিছুমান সৰু সৰু সমান ভাগত ভগালে প্ৰতি ভাগত কিমান হয়, তাক থিৰ কৰা প্ৰণালীকে হৰণ বা ভাগ বোলে।
৩৫। যি ৰাশিক হৰণ কৰা যায় তাক হাৰ্য্য বা ভাজ্য বোলে। যি ৰাশিৰে ভাগ কৰা যায়, তাক ভাজক বা হাৰক