সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
অমিশ্ৰ পুৰণ ৷


 ৩। ছয় ৯, পাঁচ ৬ আৰু আঠ ১০ এ কিমান?

 ৪। পূৰ্য্য, পূৰক আৰু পূৰণ ফল কাক বোলে বুজাই দিয়া। পূৰ্য্য আৰু পূৰক কিয় একে জাতিৰ সংখ্যা হ’ব নোৱাৰে?

 ৫। ৫+৫+৫ এই যোগ অঙ্কটো পূৰণৰ নেওতাৰ সহায়েৰে কেনেকৈ কৰিবা?

 ৬। দুই ৭, ১৪ আৰু সাত ২, ১৪ এই কথা দুটাৰ অৰ্থ বুজাই দিয়া।

 ৭। ৪ ক ৫ ৰে আৰু ৫ ক ৪ ৰে পূৰণ কৰাৰ অৰ্থ যে একে তাক গুটিৰ সহায়েৰে বুজাই দিয়া।

 ৮। এটা কঠালৰ দাম ৬ পয়চা হলে ৮ টা কঠালৰ দাম কিমান?

 ৯। এজন পিয়নৰ এমাহৰ দৰ্মহা ১০ টকা হলে তেওঁ ৮ মাহত কিমান পাব?

 ১০। সেৰে ৯ পয়চাকৈ ৭ সেৰ গাখীৰৰ বেচ কিমান?

 ১১। প্ৰতি লৰাক ৭ টাকৈ আম দিলে, ৮ টা লৰাই কিমান আম পাব?

দ্বিতীয় পাঠ।

 ২৩। প্ৰথম ভাগ পাটীগণিতত দি অহা পূৰণৰ নেওতাৰেই ডাঙৰ ডাঙৰ পূৰণ অঙ্ক কৰিব পাৰি। কিন্তু কামটো সুচল কৰিবৰ নিমিত্তে ডাঙৰ সংখ্যাৰ নেওতাৰ এখন আৰ্হি তলত দিয়া গল।

 ১ম উদাহৰণ। ১২ ক ৪ৰে পূৰণ কৰা।

 পূৰণ প্ৰণালীটি যোগৰ সংক্ষিপ্ত প্ৰণালী বুলি ধৰি ১২ ক ৪ বাৰ যোগ কৰি (১২+১২+১২+১২=৪৮ ) ১২ আৰু ৪ৰ পূৰণ ফল উলিয়াব পাৰি।