সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
পাটীগণিত ।


৩ এ সেই নিৰ্দ্দিষ্ট সংখ্যাটি কেইবাৰ লোৱা হৈছে তাকেহে মাত্ৰ বুজাইছে। ৪ ক ৩ বাৰ লোৱাত যিটি সংখ্যা পোৱা হল সি ৪ ৰ সৈতে একে জাতিৰ সংখ্যা। যেনে প্ৰতিবাৰত ৪ টাকৈ আম ৩ বাৰ আনি গোটালে ১২ টা আম হব। ইয়াত ৪ আৰু ১২ই আমৰ সংখ্যা বুজাইছে, কিন্তু ৩ এ ৪ টা আমক ৩ বাৰ লোৱা মাত্ৰ বুজাইছে।

 ২১। যি সংখ্যাক পূৰণ কৰা যায়, তাক পূৰ্য্য বা গুণ্য আৰু যি সংখ্যাৰে পূৰণ কৰা যায় তাক তাক গুণক বা পূৰক বোলে। পূৰণ কৰি যি ফল পোৱা যায়,তাক পূৰণ ফল বা গুণফল বোলা হয়। ৪ টা বস্তুক ৩ বাৰ ললে ১২ টা বস্তু হয়, ইয়াত ৪ পূৰ্য্য বা গুণ্য ৩ পূৰক বা গুণক আৰু ১২ পূৰণ ফল বা গুণ ফল।

এই খিনিতে এই কথাটিলৈ মন কৰিব লাগে যে ওপৰত কৈ অহা দৰে পূৰ্য্য আৰু পুৰ্ণ ফল সদায় একে জাতিৰ সংখ্যা।

 ২২। ১ম মান শ্ৰেণীৰ পাটীগণিতত দেখুৱাই অহা পূৰণৰ প্ৰথম নেওঁতাৰ সহায়েৰে যোগৰ কাম বহুত পাতলাব পাৰি। যেনে ৫ ক ৪বাৰ লব লাগিলে ৫+৫+৫+৫ এইদৰে ৪ বাৰ যোগ নকৰি নেওতাৰ সহায়েৰে চাৰি ৫, ২০ বুলিলে যোগৰ কাম সহজ হয়। এনেকৈ যোগৰ কাম সহজ কৰাই পূৰণ শিক্ষাৰ উদ্দেশ্য। দ্বিতীয় পাঠত ১১, ১২ আদি সংখ্যাৰ পূৰ্ণৰ নেওতা দিয়া হল।

৯ উদাহৰণ।

 নেওতাৰ সহায়েৰে মুখে মুখে কোৱা :–

 ১। ৭ দুগুণ কিমান? ৮, ৫ গুণ আৰু ৯, ৭.গুণ কিমীন হয় উলিৱা।

 ২। আঠ ৭ আৰু সাত ৮ অৰ প্ৰভেদ কি?