সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
পাটীগণিত ৷


বিয়োগ কৰিব লগা বুজাইছে আৰু ৯ৰ আগত যোগ চিন থকাত যোগ কৰিব লগা বুজাইছে। আকৌ হাতত থকা ১০টা বগৰিৰ লগলৈ ১টা বগৰি কিনি অনাৰ পাচত ৬টা বগৰি ৰামক দিলেও ১৩ টাই হাতত ৰ’ব, নাইবা ১০ টাৰ পৰা ৬টা আগেয়ে দি পাচত ৯টা কিনি আনি থলেও হাতত ১৩টা বগৰিয়েই থাকে। সেই কাৰণে এই অঙ্কটো তলত দেখুৱা দুটা নিয়মেৰে কৰিব পাৰি :—

 (১) ১০-৬+১=৪+৯=১৩

 ইয়াত ১০ৰ পৰা ৬ আগেয়ে বিয়াগ কৰা হৈছে।

 (২) ১০–৬+৯=১৯–৬=১৩

 ইয়াত ১০ আৰু ৯ যোগ কৰি যোগফলৰ পৰা ৬ বাদ দিয়া হৈছে।

 ১৬। অৱশেষত এনেকুৱা অঙ্ক কৰিবলৈ আমি এটা সাধাৰণ নিয়ম কৰি লব পাৰো। যেনে :-

 যোগ সংখ্যা আৰু বিয়োগ সংখ্যা বোৰ বেলেগে বেলেগে যোগ কৰি যোগ সংখ্যাৰ যোগফলৰ পৰা বিয়োগ সংখ্যাৰ যোগফল বাদ দিলে আচল উত্তৰ পোৱা যায়।  ২য় উদাহৰণ। ৮ —৫+৯–৭+৪= কিমান?

 যোগ সংখ্যা ৮, ৯ আৰু ৪; সিহঁতৰ মুঠ=৮+৯+৪=২১।

 বিয়োগ সংখ্যা ৫, আৰু ৭; সিহঁতৰ মুঠ = ৫+৭=১২ এতিয়া যোগ সংখ্যাৰ মুঠৰ পৰা বিয়োগ সংখ্যাৰ মুঠ বাদ দিলে আচল উত্তৰ ওলাব। এতেকে উলিয়াব লগা উত্তৰ = ২১ – ১২ =৯।

 চাবলগীয়া :—শাৰীৰ প্ৰথম অঙ্কৰ আগত কোনো চিন নেথাকিলে যোগচিন থকা বুলি বুজিব লাগে। বিয়োগ কৰিব লগা বুজাবৰ হলে আগত — বিয়োগ চিন থাকিব লাগিব।

 খ। যোগ বিয়োগ প্ৰণালী খটাব পৰা কেইটিমান উদাহৰণ