তৃতীয় পাঠ।
ক। যোগ, বিয়োগ আৰু সমান চিনৰ ব্যৱহাৰ।
১৪। + এই চিনটো কোনো দুটা সংখ্যাৰ মাজত থাকিলে সংখ্যা দুটা যোগ কৰিব লগা বুজায়। ইয়াকে যোগচিন বোলে।
-এই চিনটো কোনো দুটা সংখ্যাৰ মাজত থাকিলে পাচৰ সংখ্যাটো আগৰ সংখ্যাৰ পৰা বিয়োগ কৰিব লগা বুজায়। ইয়াকে বিয়োগচিন বোলে।
= এই চিন কোনো দুটা সংখ্যাৰ মাজত থাকিলে সংখ্যা দুটা সমান বুজায়। ইয়াকে সমান চিন বোলে।
উদাহৰণ। (১) ৫+৭= ১২
(2)৮-৬=২
১ম উদাহৰণটিত ৫ আৰু ৭ৰ যোগফল যে ১২ৰ সমান তাক দেখুৱাইছে। ২য় উদাহৰণটিত ৮ আৰু ৬ৰ বিয়োগফল যে ২ৰ সমান তাক দেখুৱাইছে।
১৫। কোনো সংখ্যা অকলৈ বা শাৰীৰ প্ৰথম ঠাইত থাকিলে তাৰ আগৰ যোগ চিনটো লুকাই থাকে। গতিকে তাক যোগ সংখ্যা বুলি ধৰিবলৈ পাহৰিব নেলাগে। ওপৰৰ উদাহৰণ দুটাত ৫ আৰু ৮এ ক্ৰমে + ৫ আৰু+৮ বুজাইছে।
১ম উদা। হৰিৰ হাতত ১০টা বগৰি আছিল। তাৰে ৬টা ৰামক দিয়াৰ পাচত সি আকৌ বজাৰৰ পৰা ৯টা বগৰি কিনি আনিলে। এতিয়া হৰিৰ হাতত কিমান বগৰি থাকিল কোৱা।
১০ টা বগৰিৰ ৬ টা দি দিয়াৰ পাচত তাৰ হাতত ৪ টা বগৰি বাকী থাকিল। ইয়াৰ লগলৈ আৰু ৯ টা কিনি অনাত ৪ আৰু ৯ই লগলাগি মুঠতে ১৩টা বগৰি তাৰ হাতত ৰল। ইয়াত ১০ৰ পৰা ৬ বিয়োগ দি ৯ যোগ কৰা হল; তেনেহলে আমি অঙ্কটো ১০-৬+৯ এইদৰেই লিখি থব পাৰোঁ, কাৰণ ৬ৰ আগত বিয়োগ চিন থকাত ৬ সংখ্যাটো ১০ পৰা