সমললৈ যাওক

পৃষ্ঠা:পাটীগণিত (২য় শ্ৰেণী).pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৮
পাটীগণিত ।


 চাবলগীয়া :—ডাঙৰ সংখ্যাটিৰ তলত সৰু সংখ্যাটি যোগৰ দৰে এনেকৈ বহুৱাব লাগে যেন একৰ ঘৰৰ অঙ্ক একৰ ঘৰত, দহৰ অঙ্ক দহৰ ঘৰত, শৰ অঙ্ক শৰ ঘৰত বহে । তাৰ পাচত তলত এটা আঁচ টানি বিয়োগ কৰিবলৈ ধৰিব লাগে ৷

 ৩য় উদা । এজন বেপাৰীয়ে দোকানৰ সকলো বস্তু বিক্ৰী কৰি ৫৭৬৩ টকা পালে । ইয়াত তেওঁৰ যদি ১৫৬৭ টকা লাভ হয়, তেওঁ কিমান টকাৰে কাৰবাৰটি আৰম্ভ কৰিছিল ?

 দোকানৰ বস্তু বিকি যি ৫৭৬৩ টকা পালে তাতে লাভো আছে আৰু মুলো আছে, লাভ খিনি যদি ১৫৬৭ টকা হয় তেন্তে বাকী যি থাকে সেয়েই মূল। এতেকে ইয়াত ৫৭৬৩ বিয়োজক আৰু ১৫৬৭ বিয়োজ্য ৰাশি আৰু সিহঁতৰ বিয়োগ ফলেই আমাৰ উলিয়াব লগা উত্তৰ ।

প্রণালী ওপৰৰ দৰে। যেনে :—

হেঃ শঃ দঃ এঃ



৫ | ৬ | ৭ তে ৬ হেশঃ দঃ এঃ ৫ | ৬ | ১৫। ১৩ ১ ৫ ৬ ৭ 8 ১| ৯| ৬ এতেকে বেপাৰীৰ মূলধন আছিল ৪১৯৬ টকা ।

৭ উদাহৰণ ৷

বিয়োগফল উলিৱা :-

১। ৭ ৭  ২। ৮ ৯   ৩। ৯ ৩  ৪। ৪ ৯  ৫। ৪ ৩
৩ ৩ ৫ ৬ ৫ ১ ২ ১ ১ ৯
৬। ৫ ৭  ৭। ৮ ৫ ৬  ৮। ৭ ৪ ৬  ৯। ৮ ৯ ৩
৪ ৯ ৪ ৩ ২ ৫৩১ ৭ ৪ ১