১২। ৰামৰ ১৮ বছৰ বয়স। গোবিন্দ ৰামতকৈ ৬ বছৰৰ সৰু
-হলে গোবিন্দৰ বয়স কিমান?
১৩। ১৫ টা লিচুৰ ৫টা খালে কেইটা থাকে? ৩ খালে কেইটা থাকে? ১০ টা খালে?
১৪। ১৭ টা আমৰ ৮টা আম খালে কেইটা আম বাকী থাকিব?
১৫। যোগাইৰ বয়স যেতিয়া ১৬ বছৰ ভোগাইৰ বয়স তেতিয়া ১৩ বছৰ। ভোগাই যোগাইতকৈ কেই বছৰৰ সৰু?
১৬। এটা আম ৯পয়চাত কিনি ১৫ পয়চাত বেচিলে কিমান লাভ হ’ব?
১৭। মই ১৫ টকা দামত এখন কপোৰ কিনি ২০ টকাত বেচিলোঁ। ইয়াত মোৰ কিমান লাভ হ’ল?
১৮। মোৰ হাতত বৰ্ত্তমান ১৭ টকা আছে। ইয়াৰ লগত আৰু কেই টকা হলে ২২ টকা দামৰ এখন এৰি কাপোৰ কিনিব পাৰিম?
১৯। এজন মানুহ মৰিবৰ সময়ত তেওঁৰ ১৫ বিঘা মাটিৰ ভিতৰত ৫ বিঘা পুতেক, ৩ বিঘা জীয়েকক আৰু বাকী খিনি নুমলীয়া পুতেকক দি যায়। নুমলীয়া পুতেকটিয়ে কিমান মাটি পালে?
20 | এজন চৰকাৰী বিষয়াই মাহে ৬০ টকাকৈ দৰ্মহা পায় আৰু আন এজনে তেওঁ তকৈ ১২ টকা কম পায়। দ্বিতীয় জনৰ দৰ্মহা কিমান?
দ্বিতীয় পাঠ।
১০। বিয়োগ কেনেকৈ কৰিব লাগে?
১ম উদা :—এশডলীয়া ৭ টা আটি, দহডলীয়া ৫টা আটি আৰু ৯ ডাল কাঠিৰ পৰা এশডলীয়া ৫টা আটি, দহডলীয়া ৬ টা আটি আঞ্চ ৭ ডাল -কাঠি আঁতৰ কৰা।