এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
অমিশ্র বিয়োগ ।
৩য় উদা। ৭টা চৰাইৰ ৩টা উড়িগলে কেইটা থাকে?
৮। এনেকুৰা ধৰণৰ প্ৰশ্নৰ উত্তৰ অতি সহজে নিৰ্ণয় কৰা প্ৰণালীকে বিয়োগ বোলে।
৯। বিয়োগক জমা-খৰচ আৰু কটা বুলিও কয়। বিয়োগ কৰিলে যি বাকী থাকে তাক বিয়োগফল বা বাকী বোলে।