(2)
৬। তোমাৰ বাইদেৱেৰাৰ যেতিয়া ১২ বছৰ বয়স তেতিয়া তোমাৰ জন্ম হয়। এতিয়া তোমাৰ বয়স ২৬ বছৰ হলে বাইদেৱেৰাৰ বয়স কিমান?
৭। এজন মানুহ ১৮৯১ চনত ওপজে; কোন চনত তেওঁৰ বয়স ৩২ বছৰ হব?
৮। মৌৰ বয়স যেতিয়া ২২ বছৰ হয় তেতিয়া ধনী ওপজে; এতিয়া ধনীৰ বয়স ২৮ বছৰ হলে মোৰ বয়স কিমান?
৯। এজন চৰকাৰী বিষয়াৰ মাহিলী দৰ্মহা এবছৰত ১০ টকাকৈ বাঢ়ে। তেওঁৰ দৰ্মহা যদি আজি ৫০ টকা হয় ৫ বছৰৰ পাছত কিমান হ'ব? ১০। চেপ্তেম্বৰ, নৱেম্বৰ, এপ্ৰিল আৰু জুন মাহ ৩০ দিনীয়া, ফেব্ৰুৱাৰী ২৮ দিনীয়া আৰু বাকী মাহবোৰ ৩১ দিনীয়া হ’লে এবছৰত কিমান দিন থাকে উলিৱা।
(৩)
যোগ কৰা :-
১১। পাঁচ হেজাৰ চাৰিশ তিনি; এহেজাৰ ছশ পোন্ধৰ; নশ সাতাইশ; দুহেজাৰ তিনি; আৰু তিনিশ বিশ্।
১২। এহেজাৰ এঘাৰ; এহেজাৰ এক; এহেজাৰ এশ; আৰু এহেজাৰ এশ দহ।
১৩) নহেজাৰ এশ উনৈশ; সাতশ ওঠৰ; নিৰানবৈ; আৰু ত্ৰিশ।
১৪। তিনি হেজাৰ চাৰিশ ছাপন্ন; দুহেজাৰ সাতশ ঊনপঞ্চাশ; আৰু আঠশ একৱিন্ন।
১৫। দুই কম এহেজাৰ; তিনি কম এশ; আৰু ৪ কম বিশ।