দ্বিতীয় অধ্যায়।
অমিশ্ৰ যোগ।
প্ৰথম পাঠ।
উদাহৰণ।ৰামৰ হাতত ৪ ডাল পেঞ্চিল আৰু হৰিব হাতত ৫ ডাল পেঞ্চিল আছে। দুয়োৰে হাতৰ পেন্সিল গোটালে কিমান হ'ব?
ৰামৰ ৪ ডাল আৰু হৰিৰ ৫ ডাল পেন্সিল আনি শাৰী পাতি থোৱা। এতিয়া বাওঁহাতৰ পৰা ১, ২ কৰি লেখি যোৱা। এই দৰে লেখি গলে ৯ ডাল পেঞ্চিল ওলাব।
৫। বস্তুৰ সংখ্যাক এই দৰে লগ কৰি দেখুৱা প্ৰণালীকে যোগ বা তেৰেজ বোলে।
চাবলগীয়া :—লৰাবিলাকে নেওতা বুজি মুখস্থ কৰিছেনে নাই এই দৰে বেলেগ বেলেগ বস্তুৰ ব্যৱহাৰ দেখুৱাই তাৰ প্ৰমাণ চাব পাৰি। বাওঁহাতৰ পৰা নেলেখি সোঁফালৰ পৰা লেখিলে ও হয়। এনে ধৰণৰ উদাহৰণ যাতে বেচি দিয়া হয় তালৈ দৃষ্টি ৰখা উচিত। সদায় যাতে একোটা বস্তুৰ নামেই উদাহৰণত নপৰে তালৈকো চাব লাগে।
৩ উদাহৰণ।
১। যোগফল কিমান হয় মুখে মুখে কোৱা :-
(১) ২ আৰু ৩; ৪ আৰু ৫; ৭ আৰু ৮; ৮ আৰু ৯।
(২) ৭ আৰু ৯; ১০ আৰু ৬; ৬ আৰু ৯; ৭ আৰু ১৩।