হয় সেই দৰে যে এশ দহেও এহেজাৰ হয় তাকো ভাল দৰে বুজাই দিব লাগে। এশত কেই দহ, হেজাৰত কেই দহ আৰু কেইশ ইত্যাদি কথা বুজিলে তলত দিয়৷ ধৰণৰ অঙ্ক বুজি কৰিবলৈ সহজ হ’ব।
উদাহৰণ। এটা পেৰাত দহোটা খোটালি, খোটালিয়ে পতি দহোটাকৈ তেমা আৰু তেমাই পতি ১০ টাকৈ টকা থ’লে পেৰাটোত থোৱা মুঠ টকা কিমান হ’ব?
একোটা তেমাত ১০ টকাকৈ ১০টা তেমাত ১০ দহ বা ১০০ টকা থোৱা হ’ল। একো খোটালিত ১০টাকৈ তেমা থকাৰ কাৰণে খোটালিটোত ১০০ টকাকৈ ৰূপ থাকে। এনেকুৱা ১০টা খোটালি থকা পেৰাত, তেনেহলে, ১০শ বা ১০০০ এহেজাৰ ৰূপ থাকে।
২ উদাহৰণ।
১। এটা ঘৰৰ দহোটা খোটালি, খোটালিয়ে পতি দহখনকৈ মেজ আৰু মেজে পতি দহখনকৈ কিতাপ থাকিলে ঘৰটোত থকা মুঠ কিতাপ কিমান?
২। প্ৰতিজন মানুহক দহটকাকৈ ৰূপ দিলে ১০ জন মানুহে কিমান টকা পাব?
৩। প্ৰত্যেক শাৰীত ১০ জোপাকৈ ১০০ শাৰী ফুলগছ ৰূলে কিমান ফুলগছ ৰোৱা হ’ব?
৪। বহীৰ পাত এটাত যদি ১০ শাৰী আখৰ ধৰে তেনেহলে ১০০ শাৰী আখৰ ধৰা এটা বহীৰ পাত কেইখন হ’ব?
৫। দহোটীয়া শাৰীৰ দহশাৰী চিপাহীৰে যদি এটা ফৌজ পতা যায় তেনেহলে এনেকুৱ৷ দহটা ফৌজত কিমান চিপাহী থাকিব?
⸻